--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত এছিয়ান গেমছৰ বাবে খেলুৱৈসকলক প্ৰস্তুত কৰাৰ লক্ষ্যৰে টেগ (টাৰ্গেট এছিয়ান গেমছ)ৰ অধীনত ‌ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক বিজয়ী অসমৰ ৰ’দালি বৰুৱাই স্থান লাভ কৰিছে। টেগ হ'ল টাৰ্গেট অলিম্পিক পডিয়ামৰ অধীনৰ এক নতুন আঁচনি৷ 

টাৰ্গেট এছিয়ান গেমছ আঁচনিৰ বাবে নিৰ্বাচিত হোৱাত ৰ’দালি বৰুৱাক অভিনন্দন জনাইছে অসম টাইকোৱানডো সন্থাৰ সভাপতি তথা বিধায়ক বিলীন চেতিয়া আৰু সাধাৰণ সম্পাদক হিৰণ্য শ‌ইকীয়াই। ইয়াৰ জৰিয়তে অসমৰ টাইকোৱানডো খেলুৱৈয়ে ৰাষ্ট্ৰীয় মান্যতা লাভ কৰা বুলি সাধাৰণ সম্পাদক শ‌ইকীয়াই মন্তব্য কৰে। লগতে আগন্তুক এছিয়ান গেমছত শীৰ্ষ সফলতা অৰ্জন কৰিব বুলি শইকীয়াই লগতে উল্লেখ কৰে। খেলুৱৈগৰাকীয়ে মূলতঃ হেভিৱেট মহিলাৰ শাখাত (৭৩ কেজি ঊৰ্দ্ধৰ) প্ৰতিযোগিতা কৰিছে । 

অতি শেহতীয়াকৈ যোৱা বছৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ৰ’দালিয়ে এটা দশকৰ ভিতৰত স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে। এই কৃতিত্বই তেওঁক ট'প আঁচনিৰ বাবে নিৰ্বাচিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উল্লেখ্য যে ২০১৬ চনত বিশাখাপট্টনমত অনুষ্ঠিত ছিনিয়ৰ নেচনেলছত প্ৰথমটো স্বৰ্ণ পদক লাভ কৰি লক্ষ্যনীয় সাফল্য লাভ কৰিছে ৰ'দালিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?