--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : সপোনৰ পাছত দৌৰা এজন যুৱক৷ বলীউডত প্ৰতিষ্ঠা লাভৰ সপোন দেখা এদিন তেওঁক প্রত্যাখ্যান কৰা হৈছিল। আঁতৰাই পঠিওৱা হৈছিল তেওঁক মায়ানগৰীৰ পৰা। সেই প্ৰতিভাক বলীউডৰ জগতত খোপনি পোতাৰ সুবিধাই নিদিলে একাংশই৷ কিন্তু সেইজন যুৱকেই আজি নিজ চেষ্টা আৰু প্ৰতিভাৰ বলত এক সুকীয়া পৰিচয়েৰে উজলি উঠিছে৷ তেওঁ ভূৱন বাম। এতিয়া ছ'চিয়েল মিডিয়াৰ এক শিহৰণস্বৰূপ তেওঁ। তেওঁৰ প্ৰতিটো ভিডিঅ’ উপভোগ কৰে লক্ষ লক্ষ লোকে৷ বলীউডৰ পৰা বিফল মনোৰথেৰে উভতি অহা ভূৱন বামে ইউটিউবত ২০ নিযুত ছাবস্ক্ৰাইবাৰেৰে এতিয়া অৰ্জন কৰিছে অনন্য খ্যাতি৷ ভূৱন বাম ২০ মিলিয়ন ছাবস্ক্ৰাইবাৰ লাভ কৰা ভাৰতৰ প্ৰথমজন ইউটিউবাৰ হিচাপে পৰিগণিত হৈছে৷ তেওঁ ভাৰতৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী ইউটিউবাৰ হিচাপেও পৰিগণিত হৈছে। যাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩ নিযুত মাৰ্কিন ডলাৰ।


তদুপৰি ইনষ্টাগ্ৰাম একাউন্টতো ১২মিলিয়ন ফল'ৱাৰ্ছ আছে ভূৱনৰ৷ যুৱ প্ৰজন্মৰ বহু লোকৰ বাবে এতিয়া অনুপ্ৰেৰণাৰ এক উৎস হৈ পৰা ভূৱনে এই সফল যাত্ৰাৰ সন্দৰ্ভত কয়, ‘সদায় নিজৰ অন্তৰৰ কথা শুনিবা৷ মই এতিয়াও এজন ভাল মানুহৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ৷ এটা ডিগ্ৰী লোৱা আৰু জীৱনৰ লক্ষ্যৰ পাছত দৌৰা৷’ সম্প্ৰতি ভূৱন বামৰ এটা ছিৰিজে ব্যাপক সমাদৰ লাভ কৰাৰ লগে লগে তেওঁ পুনৰ চৰ্চালৈ আহিছে। ইউটিউবত ভূৱনৰ 'ধিন্দোৰা' ৱেব ছিৰিজে বিশেষভাৱে সফলতাৰ মুখ দেখিছে৷ ছিৰিজটো মুকলিৰ ২৪ ঘন্টাৰ ভিতৰতে ১ কোটি মানুহে উপভোগ কৰিছে৷ 'ধিন্দোৰা'ৰ দুয়োটা খণ্ডই ইতিমধ্যে প্ৰায় ৪ কোটি দৰ্শকে উপভোগ কৰিছে৷


১৯৯৪চনৰ গুজৰাটত জন্ম লাভ কৰা ইউটিউবাৰ ভূৱন এজনক সু-গায়ক হোৱাৰ উপৰি কমেডিয়ান আৰু লেখকো৷ ২০১৫ চনত ভূৱনে কাশ্মীৰৰ বানৰ সময়ত কৰা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছৰে পৰা ইউটিউবৰ যাত্ৰা আৰম্ভ কৰিছিল৷ এই সফলতাৰ যাত্ৰাত ভূবনে এই বৰ্ষত মুখামুখি হ’বলগীয়া হ’ল এক কৰুণ প্ৰত্যাহ্বানৰ৷ ভূৱনৰ পিতৃ-মাতৃয়ে এই বছৰ একেলগে প্ৰাণ হেৰুৱায় ক'ভিড ১৯ত আক্ৰান্ত হৈ৷ তথাপি থমকি ৰোৱা নাই ভূৱন। প্ৰতিদিনে সফলতাৰ নিত্য-নতুন ইতিহাস ৰচনা কৰি আগবাঢ়ি গৈছে এদিন বলীউডে প্ৰত্যাখ্যান কৰা ভূৱন বাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?