--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটছমেন ষ্টিভ স্মিথে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। টি-২০ আৰু টেষ্ট মেচৰ বাবে তেওঁ এতিয়াও উপলব্ধ হ’ব যদিও তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁৰ এদিনীয়া কেৰিয়াৰৰ অন্ত পেলাইছে। 

মঙলবাৰে চেম্পিয়নছ ট্ৰফী ছেমিফাইনেল খেলত ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া। সেই মেচখনত পৰাস্ত হোৱাৰ পিছত স্মিথে নিজৰ দলৰ সদস্যসকলৰ ওচৰলৈ গৈ অৱসৰৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। এতিয়া স্মিথে অৱসৰৰ কথা প্ৰকাশ কৰাৰ কাৰণ প্ৰকাশ কৰিছে। উল্লেখ্য যে স্মিথে ২০২৮ চনৰ অলিম্পিকত খেলাৰ সপোন দেখিছে।

অৱসৰ লোৱাৰ কাৰণ

ক্ৰিকেট অষ্ট্ৰেলিয়াই শ্বেয়াৰ কৰা এক বিবৃতি অনুসৰি ষ্টিভ স্মিথে কয় যে, "এয়া এক আকৰ্ষণীয় যাত্ৰা, ইয়াৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিলোঁ। এই সময়ৰ সৈতে বহু ভাল স্মৃতি জড়িত হৈ আছে। ২টা বিশ্বকাপৰ ট্ৰফী জয় কৰাটো স্মৰণীয় আছিল আৰু সকলো সতীৰ্থ খেলুৱৈৰ সৈতে কটোৱা সময়খিনি সদায় মনত থাকিব।"

অৱসৰৰ কাৰণ উল্লেখ কৰি ষ্টিভ স্মিথে কয় যে, "এতিয়া সময় আহি পৰিছে অন্য খেলুৱৈক ২০২৭ চনৰ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ সুযোগ দিয়া। হয়তো এইটোৱেই হৈছে আন খেলুৱৈৰ বাবে সুযোগ দিয়াৰ উপযুক্ত সময়।" স্মিথে লগতে কয় যে টেষ্ট ক্ৰিকেট তেওঁৰ অগ্ৰাধিকাৰ হৈ থাকিব আৰু ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলক লৈও তেওঁ উৎসাহিত।

দেখিছিল অলিম্পিকৰ সপোন

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। স্মিথে এতিয়াও টি-২০ৰ পৰা অৱসৰ লোৱা নাই যদিও অষ্ট্ৰেলিয়াৰ দল পৰিচালনাই হয়তো তেওঁক টি-২০ দলৰ পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা নাই। ২০২৪ চনৰ টি-২০ বিশ্বকাপ দলৰ পৰাও তেওঁক আঁতৰাই ৰখা হৈছিল। কিন্তু আপোনালোকক সোঁৱৰাই দিওঁ যে স্মিথে ২০২৮ চনৰ অলিম্পিকত খেলাৰ সপোন দেখিছে আৰু সেই প্ৰতিযোগিতাখন কেৱল টি-২০ ফৰ্মেটতহে খেলিব। অলিম্পিকৰ সপোনটোৱে দেখুৱাইছে যে স্মিথে আৰু কমেও তিনি বছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৈতে জড়িত হৈ থাকিব বিচাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?