--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান ৰীমা দাসে। ভিলেজ ৰকষ্টাৰৰ জৰিয়তে অসমীয়া ছবিক অস্কাৰৰ দুৱাৰডলিলৈ লৈ যাবলৈ সক্ষম হোৱা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ-২ ছবিখনো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিবলৈ সক্ষম হৈছে। 

এই ছবিখনৰ জৰিয়তে তেওঁ পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

এই ছবিখনৰ জৰিয়তে তেওঁ এইবাৰ জাৰ্মানিত অনুষ্ঠিত হোৱা ৪২সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফুৱেন ছবি মহোৎসৱত (আই এফ এফ এফ) শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। এই মহোৎসৱত শ্রেষ্ঠ মহিলা পৰিচালকৰ শিতানত অসম সন্তান ৰীমা দাস সন্মানিত হৈছে। বঁটা লাভৰ পাছত ৰীমা দাসে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই বঁটা কেৱল তেওঁৰ বাবে নহয়, তেওঁৰ দৰে নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰি থকা প্ৰতিগৰাকী মহিলাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে। 

লক্ষণীয় যে মহিলা চলচ্চিত্র নির্মাতাৰ বাবে আই এফ এফ এফ এখন বৃহৎ মঞ্চ হিচাপে পৰিচিত হৈ আহিছে। ইয়াৰ পূর্বে ভিলেজ ৰকষ্টাৰ্ছ -২ ছবিখন যোৱা বছৰ বুশ্বান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি বঁটা বুটলিবলৈ সক্ষম হৈছিল। প্ৰণিধানযোগ্য যে ৰীমা দাসে এইপর্যন্ত দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?