--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : ক্ৰমাৎ শক্তিহীন হৈ পৰিছে এজন যুৱ নেতা। নিজৰ মানুহেই তেওঁৰ পিতৃয়ে গঢ়া দলত বিভাজন অনাৰ পাছত একপ্ৰকাৰ অসহায় হৈ পৰিছে নেতাগৰাকী। প্ৰয়াত পিতৃৰ জন্মদিনত সেইবাবে নেতাজনে দিছে তেওঁ কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি স্বীকাৰোক্তি। তেওঁ আনকি এতিয়া কাৰো ওচৰত শক্তি প্ৰদৰ্শন কৰিব পৰা স্থিতিত নাই বুলিও মন্তব্য কৰে। তেওঁ হৈছে বিহাৰৰ যুৱ নেতা তথা এনজেপিৰ প্ৰতিষ্ঠাতা ৰামবিলাস পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱান।

লোক জনশক্তি পাৰ্টী (এলজেপি)ৰ নেতা চিৰাগ পাছোৱানে আজি ‘আশীৰ্বাদ যাত্ৰা’ কাৰ্যসূচী আৰম্ভ কৰে। পিতৃ প্ৰয়াত ৰাম বিলাস পাছোৱানৰ জন্মদিন উপলক্ষে এই কাৰ্যসূচী মুকলি কৰে চিৰাগ পাছোৱানে। জনগণৰ আশীৰ্বাদ লাভ উদ্দেশ্যে এই যাত্ৰা আৰম্ভ কৰা বুলি প্ৰকাশ কৰে বিহাৰৰ যুৱ নেতাজনে। তেওঁ কয়, ‘মই হাজীপুৰৰ পৰা এই আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছোঁ। কিয়নো এয়া আছিল মোৰ পিতৃৰ কৰ্মভূমি। আমি প্ৰতিখন জিলাতে এই যাত্ৰা অনুষ্ঠিত কৰিম। সকলোৰে আশীৰ্বাদ লাভ কৰাই আমাৰ লক্ষ্য।

কাৰো আগত শক্তি প্ৰদৰ্শন কৰাৰ যোগ্যতা এতিয়া মোৰ নাই। আপোন মানুহেই মোক বিশ্বাসঘাতকতা কৰিলে।’ খুড়াক পশুপতি কুমাৰ পাৰসৰ বিসম্বাদে দলটোত বিভাজন অনাৰ পৰিপ্ৰেক্ষিতত চিৰাগ পাছোৱানৰ ৰাজনৈতিক স্থিতি থৰ-বৰক হৈ পৰা দেখা গৈছে। আজিৰ এই যাত্ৰাৰ আৰম্ভণিতে তেওঁ কয়, ‘মই সিংহৰ সন্তান, কেতিয়াও শংকিত নহওঁ। যিমান লোকেই আমাক ভাঙিবলৈ চেষ্টা নকৰক কিয়।’ তেওঁ ‘পাছৱান’ নামেৰে এখন গ্ৰন্থও উন্মোচন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?