--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মহোবাৰ পৰা পোহৰলৈ আহিছে এক আশ্চৰ্যজনক ঘটনা। এগৰাকী যুৱতীৰ ওচৰলৈ বাৰে বাৰে আহি থাকে নাগ।  এই সাপে ছোৱালীজনীক চাৰি বছৰত ১৩ বাৰ দংশন কৰিলে, আচৰিত কথাটো হ'ল ছোৱালীজনী এতিয়াও সুৰক্ষিত অৱস্থাত আছে। 

একাংশই এই ঘটনাক নাগ-নাগিনৰ প্ৰেম কাহিনীৰ সৈতে সংযোগ কৰিছে, আন কোনোৱে ইয়াক পূৰ্বজন্মৰ অসম্পূৰ্ণ কাহিনী বুলি অভিহিত কৰিছে। গাঁওবাসীয়ে কয় যে যুৱতীগৰাকী আগৰ জনমত নাগিন আছিল। সেয়েহে নাগিনৰ সন্ধানত নাগ বাৰে বাৰে আহি উপস্থিত হয়। বৰ্তমান সময়ত সাপ আৰু ছোৱালীজনীক লৈ অঞ্চলটোত বিভিন্ন ধৰণৰ আলোচনা চলি আছে। 

গোটেই ঘটনাটো চৰখাৰি তহচিলৰ পঞ্চমপুৰা গাঁৱৰ। চাৰি বছৰত ১৩ বাৰ সাপে খোঁটা কথাটোক গাঁওবাসীয়ে সহজভাৱে লব পৰা নাই। বুধবাৰে শেষবাৰৰ বাবে সাপটোৱে তেওঁক বুঢ়া আঙুলিত খুঁটিছিল। ছোৱালীজনীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, বৰ্তমান তেওঁ বিপদমুক্ত।  

গাঁওবাসীৰ মাজত চৰ্চা চলিছে যে পূৰ্বৰ জীৱনৰ আধৰুৱা প্ৰেম কাহিনীৰ বাবেই সাপটোৱে বাৰে বাৰে আহি ছোৱালীজনীক দংশন কৰি হত্যা কৰিব বিচাৰে। যাতে পৰৱৰ্তী জীৱনত তেওঁৰ লগত একেলগে থাকিব পাৰে।

পঞ্চমপুৰাৰ বাসিন্দা ধনপটে জনোৱা মতে, বুধবাৰে তেওঁৰ ২০ বছৰীয়া কন্যা ৰোশনী চোতালতে বহি আছিল। তেনেতে ক’লা সাপ এটা আহি তেওঁৰ বুঢ়া আঙুলিটোত খুঁট মাৰে। যেতিয়া তেওঁলোকে সাপটোক ধৰি মাৰি মাৰিবলৈ চেষ্টা কৰিলে, তেতিয়া সেই সাপটো নোহোৱা হৈ গ’ল। পৰিয়ালৰ লোকৰ মতে ঘৰখনত সৰু সৰু ল’ৰা-ছোৱালী আৰু আন মানুহ বহুত আছে যদিও সাপটোৱে আহি কেৱল ৰোশনীকহে দংশন কৰে। 

ৰাইজৰ পৰামৰ্শ মতে তেওঁলোকে সকলো পদ্ধতি চেষ্টা কৰিলে, কিন্তু কোনো সকাহ পোৱা নাই। অসম্পূৰ্ণ প্ৰেম কাহিনীক লৈ গাঁওখনত তীব্ৰ আলোচনা চলিছে। অৱশ্যে একাংশ লোকে ইয়াক কাকতলীয় বুলিও অভিহিত কৰিছে।


ৰোশনীৰ মাতৃয়ে জনোৱা মতে, দেওবাৰ বা বুধবাৰেহে সাপে কন্যাক দংশন কৰে। বেলগ বাৰত দংশন নকৰে। এইবাৰো বুধবাৰে ছোৱালীজনীক খুঁট মাৰে সাপটোৱে। চিকিৎসালয়ৰ উপৰি জৰা-ফুঁকা কৰিও সকাহ পোৱা নাই ৰোশনীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?