--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আসন্ন জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী ৰবীন্দ্ৰ ৰাইনাই৷বৃহস্পতিবাৰে ৰাজৌৰী জিলাৰ নৌশ্বেৰা বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে ৰবীন্দ্ৰ ৰাইনাই। জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিগৰাকী চৰ্চালৈ অহিছে তেওঁ নিৰ্বাচন আয়োগক দাখিল কৰা সম্পত্তিৰ তালিকাৰ বাবে৷এই আসনৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী নেতাগৰাকীয়ে৷

উল্লেখযোগ্য যে ২০১৪ চনত নেতাগৰাকীয়ে নিৰ্বাচন আয়োগক দিয়া শপতনামাত তেওঁৰ হাতত বিশ হাজাৰ আৰু চেভিংছ একাউণ্টত এহেজাৰ টকাৰ ধন জমা থকা বুলি প্ৰকাশ কৰিছিল, ২০২৪ চনতো জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী নেতাগৰাকীয়ে ৰিটাৰ্নিং অফিচাৰৰ সন্মুখত দাখিল কৰা শপতনামাটো তেওঁৰ হাতত মাত্ৰ ১০০০ আছে বুলি প্ৰকাশ কৰিছে।

নগদ ১০০০ টকাৰ বাহিৰে কোনো বাহন, গহনা, কৃষিভূমি, উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তি, অকৃষিভূমি, বাণিজ্যিক ভৱন,আৱাসিক ভৱন নাই বিজেপিৰ মুৰব্বী নেতাগৰাকীৰ হাতত। ২০১৪ চনত তেওঁ বিধায়ক হোৱাৰ সময়ত আবণ্টন দিয়া  জম্মুৰ ১৩এ গান্ধী নগৰত তেওঁৰ চৰকাৰী বাসগৃহ আছে৷ বিদ্যুৎ, টেলিফোন আৰু পানীৰ বাবদ কোনো মাছুল দিব লগীয়া নাই বুলি শপতনামাত উল্লেখ কৰিছে৷
 
যি সময়ত বহু ৰাজনীতিবিদৰ সম্পত্তি দুগুণ বৃদ্ধি পাইছে সেই সময়তে জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী নেতাগৰাকীয়ৰ ২০১৪ ৰ পৰা ২০২৪ লৈকে সম্পত্তিৰ স্থিৰতাই শপতনামাত দাখিল কৰা তথ্যৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে৷ নিৰ্বাচন সমাগত হৈ অহাৰ লগে লগে সম্প্ৰতি জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়া তথা বিজেপিৰ জম্মু-কাশ্মীৰ নিৰ্বাচনী প্ৰচৰাক ৰাম মাধৱৰ সৈতে নৌশ্বেৰাত ৰাইনাই এক ৰোড শ্ব’ অনুষ্ঠিত কৰিছে। 

উল্লেখযোগ্যযে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন৷ ১৮ ছেপ্টেম্বৰত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ২৫ ছেপ্টেম্বৰত হ’ব দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ অক্টোবৰত।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?