ডিজিটেল ডেস্কঃ আজিৰ সময়ত উচ্চ কলেষ্টেৰল আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাবোৰ সাধাৰণ হৈ পৰিছে। বেয়া কলেষ্টেৰল (LDL)-এ কেৱল হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, শিৰাত প্লেক জমা হোৱাৰ বাবে তেজৰ সোঁততো প্ৰভাৱ পেলায়। ইয়াৰ ফলাফল হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ ৰূপত আহে। কিন্তু কিছুমান বিশেষ ভাৰতীয় খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপুনি কেৱল কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাই নহয়, শিৰাবোৰো পৰিষ্কাৰ কৰিব পাৰিব। এনে ৫ টা খাদ্যৰ বিষয়ে জানি লওক, যিবোৰ বেয়া কলেষ্টেৰল দূৰ কৰাত সহায়ক।
নহৰু
)
কলেষ্টেৰল হ্ৰাস কৰা আৰু হৃদযন্ত্ৰ শক্তিশালী কৰাত নহৰু অত্যন্ত ফলপ্ৰসূ বুলি বিবেচিত হয়। ইয়াত এলিচিন নামৰ এবিধ মৌল থাকে, যিয়ে শিৰাত জমা হোৱা মলি পৰিষ্কাৰ কৰি ৰক্ত সঞ্চালন উন্নত কৰে। খালী পেটত কেঁচা নহৰু খালে ভাল ফলাফল পোৱা যায়।
ফ্লেক্স ছীড
)
ফ্লেক্স ছীডত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড আৰু আঁহ থাকে। এইবোৰে বেয়া কলেষ্টেৰল কমোৱাই নহয় হৃদযন্ত্ৰৰ বাবেও উপকাৰী। দৈনিক ১-২ চামুচ ফ্লেক্স ছীড খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।
আমলখি
)
আমলখিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি থাকে। ই কেৱল কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাই নহয়, সিৰাত জমা হোৱা মলিও নাইকিয়া কৰে। আমলখিৰ ৰস বা মুৰাব্বা খোৱাটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।
আলমণ্ড
)
আলমণ্ডত স্বাস্থ্যকৰ চৰ্বি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে। প্ৰতিদিনে ৪-৫ টা তিয়াই থোৱা আলমণ্ড খালে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কম হয়।
হালধি
)
হালধিত থকা কাৰকুমিন এক শক্তিশালী প্ৰদাহ নিবাৰণকাৰী উপাদান। ই সিৰাত জমা হোৱা মলি পৰিষ্কাৰ কৰি বেয়া কলেষ্টেৰল কমোৱাত সহায় কৰে। হালধি গাখীৰ বা খাদ্যত অন্তৰ্ভুক্ত কৰাটো অতি উপকাৰী।