--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী: ধুনীয়া হৈ থকাটো সকলোৰে বিচাৰে৷ উজ্জ্বল, পৰিষ্কাৰ আৰু সুন্দৰ চেহেৰাৰ অধিকাৰী হ’বলৈ প্ৰতিজনৰে হেঁপাহ থাকে৷ আপোনাৰ মুখৰ ছালখন হৈছে এনে এখন দাপোণ য’ত প্ৰতিফলিত হয় শৰীৰৰ ভিতৰৰ স্বাস্থ্য। যদি আমাৰ শৰীৰ সবল হয় তেন্তে ছাল উজ্জ্বল আৰু পৰিষ্কাৰো হ’ব। শৰীৰৰ স্বাস্থ্য বেয়া হ’লে ছাল নিস্তেজ, শুকান, দাগ থকা আৰু বয়সৰ ছাপ পৰা হয়। সেয়েহে আমি নিয়মিত ছালৰ যত্ন লোৱা উচিত।

ইপিনে যি ছালৰ উজ্জ্বলতা নাথাকে তেনে ছাল অকালতে বয়স হোৱা যেন লাগে। এই অকালতে বয়স হোৱাৰ কাৰণ হৈছে হতাশা, মানসিক হেঁচা, ৰ’দৰ প্ৰখৰ তাপ, হৰম’নৰ তাৰতম্যতা, বেছিকৈ মিঠা খোৱা, তেলযুক্ত খাদ্য, প্ৰদূষণ, ব্যয়াম নকৰা ইত্যাদি। গতিকে নিজৰ ছালৰ যত্ন ল’বলৈ কিছু ঘৰুৱা বিধান কৰিব পাৰে, তাৰ ভিতৰত-

  • আপোনাৰ যদি ছাল শুকান-ৰুক্ষ ছাল তেন্তে বাদামৰ তেল দুই চামুচৰ লগত ভিটামিন ই অইল দুই চামুচ আৰু তিনি টোপাল কেম’মাইল এটা বটলত ভৰাই থৈ দিব। বেছি শুকান ছালৰ বাবে ই উপযুক্ত ক্লিনজাৰ।
  • ছালকুঁৱৰীৰ ৰসৰ লগত মৌ মিহলাই কেৱল শুকান ছালত লগাব। প্ৰায় ১৫ মিনিটমান ৰখাৰ পাছত কুঁহুমীয়া পানীৰে ধুই দিব।
  • খুব বেছি শুকান ছালত ক’কা বাটাৰ, মৌ, বাদামৰ তেল আৰু পদিনাৰ ৰস মিহলাই লগাব পাৰিলে ছাল সতেজ হোৱাৰ উপৰি দাগ আঁতৰে।
  • প্ৰতিদিনে গাখীৰ মুখত সানি ২০মিনিট পৰ্যন্ত ৰাখক, তাৰ পাছত গৰম পানীৰে ধুলে ছালৰ উজ্জ্বলতা বাঢ়ে৷
  • তাৰ উপৰি আপুনি নেমুৰস দুই টোপ, গাখীৰ এচামুচ আৰু মৌ মিশ্ন মুখত লগাব লাগে৷ এনে কৰিলও ছালখনৰ উজ্জ্বলতা বাঢ়িব।
  • প্ৰতিদিনে গৰম বায়ু বা ষ্ট্ৰীম ল’ব লাগে৷
    *তাৰ উপৰি কফি, ফেনি আৰু গাখীৰৰ মিশ্ৰণ মুখত লগালে ছাল পৰিষ্কাৰ হয় আৰু দাগ কিছু পৰিমাণে আঁতৰে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?