--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দীপাৱলীলৈ মাজত মাত্ৰ কেইটামানদিন বাকী। দীপাৱলীৰ প্ৰস্তুতিত এতিয়া দেশজুৰি বাঢ়িছে ব্যস্ততা। হিন্দুধৰ্মত দীপাৱলীৰ বিশেষ তাৎপৰ্য আছে। জনবিশ্বাস অনুসৰি এই দিনটোতে মালক্ষ্মী, গণেশ আৰু কুবেৰৰ পূজা কৰা হয়। চলিত বৰ্ষতো অৰ্থাৎ অহা ১২ নৱেম্বৰলৈ পালন কৰা হ’ব দীপাৱলী। কিন্তু দেশজুৰি বৃদ্ধি পোৱা প্ৰদূষণৰ সময়তে এইবেলি ফটকা-ধোঁৱাবিহীন দীপাৱলী পালনৰ কেইটামান টিপছ জানো আহক।

* সেউজীয়া ফটকা:-বেছিভাগ লোকেই দীপাৱলীত ফটকা জ্বলাই ভালপায়, কিন্তু ফটকায়ে বিষাক্ত ধোঁৱা নিৰ্গত কৰে, যাৰ ফলত বতাহত মিলি বায়ু বহু পৰিমাণে প্ৰদূষিত কৰে। সেয়েহে আমি সেউজীয়া বা পৰিৱেশ অনুকূল আতচবাজী ক্ৰয় কৰা উচিত। কাৰণ সেউজীয়া ফটকা তৈয়াৰ কৰাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়। এইবোৰৰ পৰা ধোঁৱা কম ওলায় আৰু শব্দও কম হয়। সেউজীয়া ফটকা কিনি আমি পৰিৱেশ সুস্থ কৰি ৰখাৰ সমানে দীপাৱলীও উদযাপন কৰিব পাৰো। 

* শব্দ প্ৰদূষণ এৰাই চলক:-দীপাৱলীৰ সময়ত বেছিভাগ ফটকাৰ শব্দ ১০০ ডেচিবেলতকৈও অধিক হয়, যিটো যিকোনো ব্যক্তিৰ কাণৰ বাবে ক্ষতিকাৰক। গতিকে শব্দ প্ৰদূষণ পৰিহাৰ কৰি আমি কম শব্দৰ ফটকা ক্ৰয় আৰু অতি সীমিত সময়ৰ বাবেহে জ্বলোৱা উচিত। ইয়াৰ দ্বাৰা আমি দীপাৱলী উপভোগ কৰাৰ সমান্তৰালকৈ প্ৰদূষণৰ মাত্ৰাও হ্ৰাস কৰিব পাৰো।

* গভীৰ নিশালৈকে ফটকা জ্বলোৱাৰ পৰা বিৰত থাকক:-আনন্দৰে দীপাৱলী উদযাপন কৰক কিন্তু আতচবাজীৰে নহয়, সেউজীয়া ফটকা জ্বলাবলৈও এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক। গভীৰ নিশালৈ ফটকা জ্বলোৱাৰ পৰা বিৰত থকাৰ বিপৰীতে কেৱল সন্ধিয়াৰ পৰা নিশা ৯ বজালৈকে ফটকা জ্বলোৱা উচিত। কাৰণ ইয়াৰ পাছত ল’ৰা-ছোৱালী আৰু বয়োজ্যেষ্ঠসকল শুবলৈ যায়, ফটকাৰ শব্দই যাতে তেওঁলোকক আমনি নকৰে তাৰ প্ৰতি মনোযাগ দিয়া উচিত। ইয়াৰ উপৰি শব্দ তথা বায়ু প্ৰদূষণ যথাসম্ভৱ হ্ৰাস কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?