--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম-কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছত পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে পাকিস্তানত আন এক নতুন বিপদে দেখা দিছে। পাকিস্তানলৈ নদীৰ জলধাৰা বন্ধ কৰাৰ উদ্দেশ্যে আফগানিস্তানে ইয়াৰ নদীত নতুন নদীবান্ধ নিৰ্মাণ কৰিবলৈ প্রস্তুতি চলাইছে। 

পাকিস্তানৰ দিশলৈ যোৱা পানীত ভাৰতে জলবিদ্যুৎ প্রকল্পৰ বাবে নদীবান্ধ নিৰ্মাণ কৰাৰ সময়তে আফগানিস্তানৰ এই সিদ্ধান্তই যথেষ্ট তাৎপর্য বহন কৰিছে। বেলুচ লেখক মীৰ য়াব বেলুচে সামাজিক মাধ্যম "এক্স'ত এই তথ্য সদৰী কৰি কয় যে এয়া হৈছে 'নাপাকিস্তান' অন্তৰ আৰম্ভণি। ভাৰতৰ পাছত এতিয়া আফগানিস্তানে 'নাপাকিস্তান'লৈ পানীৰ ধাৰা বন্ধ কৰিবলৈ বান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে। বেলুচ লেখকজনৰ এই দাবী আফগানিস্তান বা পাকিস্তানে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই যদিও বেলুচিস্তানৰ স্বাধীনতাৰ এজন অগ্রণী কৰ্মীৰ এই দাবীয়ে দক্ষিণ এছিয়াত জলসম্পদ বিষয়ক আন এক নতুন উত্তেজনাৰ সূচনা কৰিছে বুলি ধাৰণা কৰা হৈছে। 

আনহাতে, বেলুচ লেখক মীৰ য়াবে দাবী কৰিছে যে তালিবানী সেনাৰ এজন জ্যেষ্ঠ বিষয়া, জেনেৰেল মুবিনে সম্ভাব্য নদীবান্ধথলী পূব আফগানিস্তানৰ কুনাৰ অঞ্চল ইতিমধ্যে পৰিদৰ্শন কৰিছে। পাকিস্তানলৈ নদীৰ জলধাৰা বন্ধ কৰাৰ বাবে বহুকেইটা নদীবান্ধ নিৰ্মাণৰ বাবে পুঁজি প্ৰদানৰ হেতু কাবুলৰ কৰ্তৃপক্ষক আহ্বান জনাইছে তালিবান সেনা বিষয়াজনে।

জেনেৰেল মুবিনৰ উদ্ধৃতি দি মীৰ য়াবে প'ষ্টটোত কয় যে সেই নদীৰ পানী হৈছে আফগানসকলৰ 'তেজ' আৰু তেওঁলোকৰ 'তেজ'ক বেলেগ দেশলৈ অথলে বৈ যাব দিব নোৱাৰে। জেনেৰেল মুবিনে কয় যে তেওঁলোকে তেওঁলোকৰ পানীৰ ধাৰা বন্ধ কৰিব আৰু এই জলধাৰাই তেওঁলোকৰ বিদ্যুতৰ প্রয়োজনীয়তা পূৰণ কৰাত সহায়ক হ'ব আৰু তেওঁলোকে তেওঁলোকৰ কৃষি খণ্ডকো উন্নত পর্যায়লৈ নিব পাৰিব। উল্লেখযোগ্য যে আফগানিস্তানৰ কাবুল নদীৰ উপনৈ কুনাৰ অঞ্চলত কুনাৰ নদী নামেৰে আফগানিস্তানৰ পৰা পাকিস্তানলৈ বৈ আছে আৰু এই নদীৰ জলধাৰাই পাকিস্তানৰ কৃষি খণ্ডত গুৰুত্বপূর্ণ ভূমিকা লয়।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?