ডিজিটেল ডেস্ক: শেহতীয়াকৈ এইচএমপিভি ভাইৰাছে আতংকিত কৰি তোলাৰ সময়তে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী ৭৫ বছৰীয়া মহিলা এইচএমপিভিত আক্ৰান্ত হোৱাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে সাধাৰণ জনতাক।
জানিব পৰা মতে বৰ্তমান চিকিৎসালয়খনৰ মেডিচিন ইউনিট ২ত চিকিৎসাধীন হৈ আছে এইচএমপিভিত আক্ৰান্ত ৭৫ বছৰীয়া মহিলাগৰাকী৷ বৰ্মান মহিলা গৰাকী সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে৷
ইয়াৰ পূৰ্বে অসমৰ লখিমপুৰৰ এটি ১০ মহীয়া এটা কেঁচুৱা এইচএমপিভি ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
এই প্ৰতিবেদনৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জনসাধাৰণৰ উদ্বেগক সম্বোধন কৰি কয় যে ২০০১ চনৰ পৰা ভাৰতত এইচএমপিভিত আক্ৰান্ত ৰোগী দেখিবলৈ পোৱা গৈছে।
তেওঁ লগতে উল্লেখ কৰে যে এই ভাইৰাছে প্ৰধানকৈ পাঁচ বছৰৰ তলৰ শিশুক আক্ৰান্ত কৰে, যাৰ ফলত জ্বৰ, কাহ, নাকৰ পৰা পানী ওলোৱা, শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ আদি ফ্লুৰ দৰে লক্ষণে দেখা দিয়ে। জনসাধাৰণৰ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই বুলি তেওঁ উল্লেখ কৰি কয় যে এনে কেনো লক্ষণে দেখা দিলে চিকিৎসকৰ কাষ চাপিব লাগে, মাস্ক পৰিধান কৰিব লাগে, বিশেষকৈ শিশু আৰু বৃদ্ধসকলক বৃহৎ সমাৱেশৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।
তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে যদিও ক’ভিড-১৯ মহামাৰীৰ সময়ত গ্ৰহণ কৰা সাৱধানতাৰ দৰে সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়, এইচএমপিভি সাধাৰণতে ক’ভিড-১৯ৰ দৰে ভয়াৱহ নহয়।