ডিজিটেল ডেস্কঃ সকলোৱে নিজৰ জীৱন প্ৰেম-ৰোমাণ্টিকতাৰে পৰিপূৰ্ণ হোৱাতো বিচাৰে। আপুনি বাৰু জানেনে পৃথিৱীৰ আটাইতকৈ ৰোমাণ্টিক মানুহ ক'ত বাস কৰে। এক সমীক্ষাত প্ৰকাশ পাইছে যে স্কটলেণ্ডত বিশ্বৰ আটাইতকৈ ৰোমাণ্টিক মানুহ বাস কৰে। স্কটলেণ্ডৰ লোকসকলক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰেমিক হিচাপে গণ্য কৰা হৈছে। এই সমীক্ষাত ধৰা পৰিছে যে এটা বছৰত ৰোমাণ্টিক ট্ৰিপত বেছিকৈ স্কটিছ লোকসকল যায়।

এইক্ষেত্ৰত স্কটলেণ্ড ৪৩ শতাংশ পইণ্টৰ সৈতে তালিকাৰ শীৰ্ষত আছিল। ৩০ শতাংশ পইণ্টৰ সৈতে ৱেলছ অন্তিম স্থানত আছিল।
ৰোমাণ্টিক ক্ষেত্ৰত শীৰ্ষ-১০ত স্থানপ্ৰাপ্ত দেশবোৰৰ নাম হৈছে-
১)স্কটলেণ্ড (৪৩%)
২)ইটালী (৪১%)
৩) ফ্ৰান্স (৩৮%)
৪) ইংলেণ্ড(৩৭%)
৫) স্পেইন(৩৫%)
৬)আমেৰিকা (৩৪%)
৭)পৰ্তুগাল(৩২%)
৮)আয়াৰলেণ্ড (৩১%)
৯)ছুইডেন(৩১%) আৰু
১০)ৱেলছ (৩০%)।
উল্লেখ্য যে এই সমীক্ষাত প্ৰথম ১০টা স্থানত এছিয়াৰ এখন দেশেও স্থান পাবলৈ সক্ষম নহ'ল।