--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সফল হোৱাৰ দিশত দেশৰ বহু চৰ্চিত ‘এক দেশ এক নিৰ্বাচন’ নীতি! একেলগে বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্রস্তাৱত বুধবাৰে অনুমোদন জনাইছে মোদী কেবিনেটে৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰা পাছতে এই প্ৰস্তাৱে মন্ত্ৰীসভাত অনুমোদন লাভ কৰে। বিজেপি নেতৃত্বাধীন এন ডি এ চৰাকৰৰ তৃতীয় কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষত প্ৰদান কৰা এক বিবৃতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন ডি এৰ এক দেশ এক নিৰ্বাচন প্ৰৱৰ্তন কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছিল।  

সংসদৰ শীতকালীন অধিৱেশনত এন ডি এ চৰকাৰে এই বিধেয়ক সংসদত উত্থাপন কৰিব বুলি সদৰি কৰিছে। উল্লেখযোগ্য যে মোডী চৰকাৰে যোৱাটো কাৰ্যকালৰ পৰাই এই নীতিক লৈ গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে বহুবাৰ ৰাজহুৱা সভাতো এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আহিছে৷ শেহতীয়াকৈ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সঘনাই নিৰ্বাচন অনুষ্ঠিত কৰি থকাৰ বাবে দেশৰ বিকাশত বাধাৰ সৃষ্টি কৰিছে৷ সেয়ে এক দেশ এক নিৰ্বাচন পোষকতা কৰা হৈছে’ বুলি মন্তব্য কৰিছিল৷ 

বিৰোধীৰ তীব্ৰ বিৰোধ আৰু সাংবিধানিক প্ৰতিবন্ধকতা দূৰ কৰি ‘এক দেশ এক নিৰ্বাচন’ সদনত গৃহীতকৰাত কিমান দূৰ সফলতা লাভ কৰে সেয়া লক্ষণীয় হ’ব৷ মোদী কেবিনেটত ‘এক দেশ এক নিৰ্বাচন’ প্ৰস্তাৱে অনুমোদন লাভ কৰাৰ লগে লগে এই নীতি ৰূপায়নৰ ক্ষেত্ৰত সেউজ সংকেত লাভ কৰা বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?