--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নতুন বছৰে কঢ়িয়াই আনে আশাৰ দিন৷ সেয়ে নতুন বছৰক লৈ উৎসাহী দেখা যায় বহুজনকপিছে, এইবাৰ নতুন বছৰ আৰম্ভ হ’ব জনসাধাৰণৰ পৰা কৰসংগ্ৰহ প্ৰক্ৰিয়াৰে৷ শেহতীয়াকৈ, অনলাইন বাণিজ্যত আৰোপ কৰা হৈছে সামগ্ৰী আৰু সেৱা কৰ, চমুকৈ জিএছটি৷ এই প্ৰক্ৰিয়া ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ অনলাইন বাণিজ্য, কাপোৰ, জোতা ইত্যাদিত মুখ্য জিএছটি আৰু অন্যান্য পৰিৱৰ্তন পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।


চৰকাৰে ফাঁকি আৰু ভুৱা বিলিং প্ৰতিৰোধ কৰিবলৈ এই পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰিবলৈ লৈছে বুলি সূত্ৰত প্ৰকাশ।
সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থাত এক জানুৱাৰীৰ পৰা কেইবাটাও পৰিৱৰ্তন দেখা যাব। লগতে কিছুমান প্ৰক্ৰিয়াগত পৰিৱৰ্তন হ’ব৷ য’ত ই-কমাৰ্চ আৰু অনলাইন খাদ্য বিতৰক প্ৰতিষ্ঠানক প্ৰভাৱিত কৰিব৷
চৰকাৰে এই প্লেটফৰ্মবোৰক জিএছটি জমাৰ বাবে দায়বদ্ধ কৰাৰ বাবে এই পৰিৱৰ্তনবোৰ প্ৰৱৰ্তন কৰিছে, যিটোৱে কৰফাঁকি নিয়ন্ত্ৰণ কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে৷

অহা শনিবাৰৰ পৰা প্ৰক্ৰিয়াগত পৰিৱৰ্তনবোৰত কি কি কাৰ্যকৰী কৰা হ’ব ?

কাৰ্যকৰী হ’বলগীয়া প্ৰক্ৰিয়াগত পৰিৱৰ্তনবোৰৰ ভিতৰত আছে ১ জানুৱাৰীৰ পৰা ৰেষ্টুৰেণ্ট সেৱাৰ ওপৰত চৰকাৰৰ ওচৰত জিএছটি সংগ্ৰহ আৰু জমা কৰিবলৈ ছুইগি আৰু জোমেটোক দায়বদ্ধ কৰা হ’ব। তেওঁলোকে এনে সেৱাৰ সন্দৰ্ভত চালান জাৰি কৰিব লাগিব।

এয়া কিয় কৰা হৈছে ?

জিএছটি পৰিষদে এই বছৰৰ ছেপ্টেম্বৰত এক বৈঠকত চিনাক্ত কৰিছিল যে ছুইগি/জোমেটোৰ দ্বাৰা কোনো বাধ্যতামূলক পঞ্জীয়ন পৰীক্ষা কৰা হোৱা নাছিল আৰু এই এপবোৰৰ জৰিয়তে পঞ্জীভুক্ত খাদ্য যোগান ধৰা নাছিল। তাৰ ফলত ৰাজকোষৰ প্ৰায় ২,০০০ কোটি টকা কৰ লোকচান হৈছে বুলি চৰকাৰী তথ্যত কোৱা হৈছে৷

চৰকাৰৰ এই ঘোষণাৰ পাছতে দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰৰ এই কৰ আৰোপ প্ৰক্ৰিয়াই পৰৱৰ্তী সময়ত পূৰ্বৰ লোকচান হ্ৰাস কৰে নে ৰাইজেই অতিৰিক্ত কৰ প্ৰদান কৰিবলৈ প্ৰস্তুত নহয়, সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?