--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ৰণবীৰে যদি বিবাহ পাশত আৱদ্ধ হৈছে, আন এজনে দিছে পিতৃ হোৱাৰ খবৰ। ইনষ্টাগ্ৰামত নৱজাতকক কোলাত লৈ এখন ফটো শ্বেয়াৰ কৰিলে ৰণবীৰ সিঙে। তাৰমানে মাতৃ হ’বলৈ ওলাইছে নেকি দীপিকা? নহয়, মাতৃ হ’বলৈ ওলোৱা নাই দীপিকা। বিষয়টো অলপ সুকীয়া। ৰণবীৰ অভিনীত 'জয়েশভাই জোৰদাৰ' ছবিখনে মুক্তিলাভ কৰিব ১৩ মে'ত। অভিনেতাজনে সেই একেটা লুকত নিজৰ এখন আলোকচিত্ৰ পোষ্ট কৰিছে। হাতত নৱজাতকৰ এখন ছবি।

পোষ্টটোত ৰণবীৰে লিখিছিল, 'জয়েশভাইৰ পুত্ৰ হ’ব নে কন্যা?' অনুৰাগীক প্ৰশ্ন অভিনেতাৰ, ‘আপোনালোকে কি ভাবে?' নতুন ছবিখনৰ মুক্তিৰ আগতীয়া বাতৰি দিয়াৰ উদ্দেশ্যেই এই পোষ্ট ৰণবীৰৰ।

জানিবলৈ পোৱামতে, ছবিখনত ৰণবীৰৰ চৰিত্ৰটো এজন গুজৰাটীৰ। ছবিখনৰ প্ৰথম পোষ্টাৰ আজিৰ পৰা ৩বছৰ পূৰ্বে প্ৰকাশ পাইছিল। শেহতীয়াকৈ, আন এখন পোষ্টাৰ মুকলি কৰা হৈছে।এই পোষ্টাৰখন দেখি এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, দীপিকাৰ স্বামীৰ কোলাত এয়া কাৰ সন্তানৰ আলোকচিত্ৰ? মন কৰিবলগীয়া যে, ৰণবীৰে ইতিমধ্যে গুজৰাটী ভাষা, খাদ্য আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে। যশৰাজ ফিল্মছৰ ছত্ৰছায়াত 'জয়েশভাই যোৰদাৰ' ছবিখন মুক্তিৰ বাবে সাজু হৈ উঠিছে। দক্ষিণৰ অভিনেত্ৰী শালিনী পাণ্ডেক ছবিখনত ৰণবীৰৰ সৈতে দেখিবলৈ পাব অনুৰাগীয়ে। ছবিখন পৰিচালনা কৰিছে দিব্যাঙ্কা ত্ৰিপাঠীয়ে। বিগত কেইবছৰমানত ৰণবীৰ সিঙক '৮৩', 'পদ্মাৱত', 'চিম্বা', 'বাজিৰাও মস্তানি'ৰ দৰে এখনৰ পাছত আনখন হিট ছবিত দেখা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?