ডিজিটেল ডেস্ক: ৰাজস্থানৰ যোধপুৰত পোহৰলৈ আহিছে এক নৃশংস হত্যাকাণ্ড।দুদিন পূৰ্বে নিৰুদ্দেশ হৈছিল অনিতা চৌধুৰী নামৰ ৫০ বছৰীয়া এগৰাকী মহিলা। মহিলাগৰাকীৰ মৃতদেহ প্লাষ্টিকৰ বেগত ছটা টুকুৰাত এটা দ গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই ঘটনাৰ আঁৰত গুল মহম্মদ নামৰ এজন ব্যক্তি থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি ২৭ অক্টোবৰত অনিতা চৌধাৰীৰ নিৰুদ্দেশৰ ৰিপৰ্ট চৰ্দাৰপুৰা থানাত দাখিল কৰিছিল তেওঁৰ স্বামী মনমোহন চৌধাৰীয়ে। তদন্ত সময়ত আৰক্ষীয়ে অনিতাৰ ফোনৰ পৰা গুল মহম্মদ নামৰ এজন ব্যক্তিৰ সৈতে যোগাযোগ থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ ঘৰৰ তদন্ত চলাই। জেৰাৰ সময়ত গুল মহম্মদৰ পত্নীয়ে প্ৰথমে তথ্য দিবলৈ অস্বীকাৰ কৰিছিল যদিও শেষত গুল মহম্মদে অনিতাক হত্যা কৰি মৃতদেহ মহিলাগৰাকীৰ ঘৰৰ সমীপত পুতি থোৱা বুলি স্বীকাৰ কৰে।
এডিচিপি নিশান্ত ভৰদ্বাজৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ১২ ফুট দ গাঁতৰ পৰা প্লাষ্টিকৰ বেগত ছটা ভাগত কটা শৰীৰৰ অংগ উদ্ধাৰ কৰে। ইয়াৰ পাছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ এইমছলৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে অভিযুক্তৰ পত্নীক জিম্মাত লোৱাৰ লগতে মহানগৰীৰ বহু অঞ্চলত গুল মহম্মদক বিচাৰি তালাচী চলাই আছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই আগতীয়াকৈ এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। মহিলাগৰাকীৰ পুত্ৰই অভিযোগ কৰে যে গুল মহম্মদে মাতৃক প্ৰতাৰণা কৰি হত্যা কৰিছিল বুলি জনাইছে। এতিয়া যোধপুৰৰ বিভিন্ন অঞ্চলত অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে।