--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২২ মার্চত আৰম্ভ হ'ব আই পি এল। ঐশ্বর্যশালী প্রতিযোগিতাখনত প্রথম দিনাই খেলপথাৰত নামিব বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)। সিদিনাৰ পৰাই আই পি এলত প্রথম খিতাপ তুলি ধৰাৰ অভিযানত নামিব আৰ চি বি। 

তাৰ মাজতে এইবাৰৰ আই পি এলত ব্যক্তিগতভাৱে একাধিক অভিলেখ প্রতিষ্ঠাৰ সুযোগ লাভ কৰিব কোহলীয়ে। পিছে পৰিসংখ্যাৰ দিশেৰে কোহলীক আই পি এলৰ সবাতোকৈ সফল ক্রিকেটাৰ হিচাপে অনেকেই চিহ্নিত কৰিব খোজে। 

এইবাৰ কোহলীয়ে ইনিংছ খেলাৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ব। সেই তালিকাত ৬৬টা অর্ধ-শতৰানেৰে শীৰ্ষত আছে ডেভিদ ৱার্নাৰ। কোহলীয়ে আৰু তিনিটা অর্ধ-শতৰান গোটাব পাৰিলেই ৱাৰ্নাৰৰ অভিলেখ ভংগ কৰিব পাৰিব। আনহাতে, ফিল্ডাৰ হিচাপে সর্বাধিক কেচ ধৰাৰ ৰেকৰ্ড প্রতিষ্ঠা কৰিব পাৰিব তাৰকা বেটাৰগৰাকীয়ে। এই পর্যন্ত সেই ৰেকৰ্ডৰ গৰাকী হৈ আছে এ বি ডে ভিলিয়াছ (১১৮টা কেচ)। কোহলীক সেই (১১৪) ৰেকৰ্ড ভাঙিবলৈ আন ৫টা কেচৰ প্ৰয়োজন আছে। যোৱা ছিজনত কোহলীয়ে ৮টা কেচ আয়ত্ত কৰিছিল। ইফালে, আই পি এলত ১০০০ বাউণ্ডেৰী কোবোৱা প্ৰথমগৰাকী ক্রিকেটাৰ হোৱাৰ গৌৰৱ অৰ্জনৰ পথত আগুৱাই আছে কোহলী। 

সম্প্রতি তেওঁৰ নামত আছে ৯৭৭টা বাউণ্ডেৰী। ইয়াৰ মাজত আছে ৭০৫টা চাৰি আৰু ২৭২টা ছিক্সাৰ। কোহলীক প্রয়োজন আন ২৩ চাৰিৰ। ইয়াৰ উপৰি টি-২০ সংস্কৰণত ১৩,০০০ ৰান কৰা প্ৰথমগৰাকী ভাৰতীয় ক্রিকেটাৰ হোৱাৰ সুযোগ লাভ কৰিছে কোহলীয়ে। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত সেই ৰেকৰ্ড স্থাপনৰ বাবে আই পি এলেই ভৰসা কোহলীৰ বাবে। এইবাৰৰ আই পি এলত ২৯৩ ৰান কৰিলেই ৰেকৰ্ডৰ গৰাকী হ'ব কোহলী।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?