--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত কলিকতা উচ্চ ন্যায়ালয়৷ দক্ষিণ দিনাজপুৰত ১০ হাজাৰ ছাগলী বলি দিয়া কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰা বিৰত থাকে কলিকতা উচ্চ ন্যায়ালয়। শুকুৰবাৰে মুখ্য ন্যায়াধীশ টি এছ শিৱগানম আৰু ন্যায়াধীশ হিৰণ্ময় ভট্টাচাৰ্যৰ খণ্ড বিচাৰপীঠে কয় যে এই উৎসৱসমূহৰ আমেজ বেলেগ। বহুতে এই ধৰ্মীয় পৰম্পৰাসমূহক বিশ্বাস কৰে। বহু ৰাজ্যত ককফাইটিং বা কুকুৰাৰ যুঁজ অনুষ্ঠিত হয়।আদালতে জল্লিকাট্টুৰ দৰে খেলো বন্ধ কৰা নাছিল। এই কথাসমূহৰ উদ্ধৃতিৰে আদালতে ছাগলী বলি দিয়া কাৰ্য নিষিদ্ধ কৰাৰ পৰা বিৰত থাকে।

দক্ষিণ দিনাজপুৰৰ ৰাস পূৰ্ণিমাৰ পাছত বল্লা গাঁৱত আৰম্ভ হৈছে বল্লা কালি পূজা। সেই পূজাত ১০ হাজাৰ ছাগলী বলি দিয়া হয়। এটা স্বেচ্ছাসেৱী সংস্থাই এই ছাগলী বলি নিষিদ্ধ কৰাৰ অনুৰোধ জনাই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰে। আবেদনকাৰীৰ অধিবক্তাই কয় যে অনুজ্ঞাপত্ৰ অবিহনে পশু বলি হ’ব নোৱাৰে,এনে  কাৰ্যক ৰাষ্ট্ৰই বন্ধ কৰিব লাগে। জীৱ-জন্তুৰ ওপৰত হোৱা হিংসা বন্ধ কৰিব লাগে। গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে, “উৎসৱ আৰম্ভ হৈছে। গতিকে এই পৰিস্থিতিত বলি বন্ধ কৰা সম্ভৱ নহয়। কিন্তু পূজা কমিটীক কব পাৰোঁ যে আইন মতে ব্যৱস্থা কৰক। আৰু পূজা সমিতিয়ে মাৰ্চ মাহত এই প্ৰতিবেদন দিব।

এই গোচৰৰ ৰায়দানৰ সময়ত জল্লিকাট্টু সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথাও উল্লেখ কৰে বিচাৰপীঠে। এইবাৰ উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ ম’হৰ খেল জাল্লিকাট্টুক বৈধতা প্ৰদান কৰে। এই সন্দৰ্ভত তামিলনাডু চৰকাৰে আইনখন গৃহীত কৰে। কে এম জোচেফৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কয় যে জাল্লিকাট্টুৰ সৈতে অত্যাচাৰৰ কোনো সম্পৰ্ক নাই। ইয়াক ৰক্তাক্ত খেল বুলিও ক’ব নোৱাৰি। অৱশ্যে এই খেলত ব্যৱহৃত জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৰাজ্যক নিৰ্দেশ দিয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?