--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া ফাগুনৰ বতৰ। ফাগুনৰ এই বতৰে কঢ়িয়াই আনে উৎসৱৰ‌ সুবাস। এই ফাগুনতেই হয় বিভিন্নজনৰ মিলন।ফাগুনৰ এই বতৰতে যুগ্মজীৱনৰ পাতনি মেলে বহুজনে। আজি আমি জনাবলৈ ওলাইছোঁ এখন বিশেষ ব্যতিক্ৰম বিবাহৰ বিষয়ে। 

কেতিয়াবা যদি দৰাই কইনা নিবলৈ গৰুগাড়ীত আহে, কেতিয়াবা আকৌ নামী-দামী গাড়ীত দৰা অহা পৰিলক্ষিত হয়। পিছে হাৰিয়ানাৰ এখন বিয়াত দৰাই হ’বলগীয়া পত্নীক নিবলৈ আহিল হেলিকপ্টাৰেৰে। যি দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দৰাৰ লগতে একেবাৰে কাষৰ পৰা হেলিকপ্টাৰখন চাবলৈ ভিৰ কৰিছে বহুজনে ৷ অৱশ্যে হাৰিয়ানাত হেলিকপ্টাৰেৰে কইনাক নিবলৈ দৰা অহা কেবাখনো বিয়া অনুষ্ঠিত হৈছে ৷ হাৰিয়ানাত এয়া যে এক ট্ৰেণ্ডত পৰিণত হৈছে ৷

কৰ্ণালৰ ঘোঘৰদীপুৰৰ ব্যক্তিগত ভোজগৃহত অনুষ্ঠিত হোৱা এখন বিয়াখনত বৰযাত্ৰীৰ দল আহিল হেলিকপ্টাৰেৰে । দৰা কুৰুক্ষেত্ৰৰ মথানা গাঁৱৰ খেতিয়ক ছাহিল । আনহাতে কইনা কৰ্ণালৰ বাজিদা জাটান গাঁৱৰ নিকিতা। উল্লেখযোগ্য যে তেওঁৰ সৰু ভায়েকে বিচাৰিছিল যে ককায়েকে কইনা আনিবলৈ হেলিকপ্টাৰেৰে যাব আৰু সেই সপোন ইতিমধ্যে পূৰণ হ'ল। হেলিকপ্টাৰেৰে বৰযাত্ৰীৰ দল আহি পোৱাৰ লগে লগে কইনাৰ পৰিয়ালৰ মাজতো সুখৰ যেন সীমা নোহোৱা হ’ল ৷ ইফালে কইনা লৈ পুনৰ হেলিকপ্টাৰেৰে উভতিল দৰা ছাহিল ৷ সুখৰ হওক ছাহিল-নিকিতাৰ যুগ্মজীৱন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?