--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ তৃতীয় বৃহত্তম ব্যক্তিগত খণ্ডৰ বেংকটোৱে স্তম্ভিত কৰিছে কোটি কোটি গ্ৰাহকক। প্ৰান্তীয় খৰচ ভিত্তিক সুতৰ হাৰ (এমচিএলআৰ) এক্সিছ বেংকে ০.২৫ শতাংশ বৃদ্ধি কৰিছে। তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে বৃদ্ধি কৰা সুতৰ হাৰ। দেশৰ তৃতীয় বৃহত্তম ব্যক্তিগত খণ্ডৰ বেংকটোৱে ৱেবছাইটত প্ৰকাশ কৰা তথ্য অনুসৰি ২০২২ চনৰ ১৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এবছৰৰ বাবে ষ্টেণ্ডাৰ্ড এমচিএলআৰ ০.২৫ শতাংশ বৃদ্ধি কৰি ৮.৩৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে আছিল ৮.১০ শতাংশ।

বাহন, ব্যক্তিগত আৰু গৃহ ঋণৰ হাৰ এবছৰৰ এমচিএলআৰৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। ৩০ ছেপ্টেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে ০.৫০ শতাংশ বৃদ্ধি কৰাৰ পিছতে এক্সিছ বেংকে এমচিএলআৰ হাৰ বৃদ্ধি কৰিছে। এদিনৰ পৰা ছমাহলৈকে ঋণৰ ক্ষেত্ৰতো এমচিএলআৰ ০.২৫ শতাংশ বৃদ্ধি কৰি ৮.১৫-৮.৩০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

দুবছৰৰ বাবে এমচিএলআৰ হ’ব ৮.৪৫ শতাংশ আৰু তিনি বছৰৰ বাবে ৮.৫০ শতাংশ। এক্সিছ বেংকে জনোৱা মতে, পৰৱৰ্তী পৰ্যালোচনালৈকে এই হাৰসমূহ বৈধ হ’ব। ইয়াৰ পূৰ্বে ভাৰতীয় ষ্টেট বেংক (এছবিআই), ফেডাৰেল বেংক আৰু কোটক মহিন্দ্ৰা বেংকে এমচিএলআৰৰ হাৰ বৃদ্ধি কৰিছিল। ইয়াৰ উপৰিও মঙলবাৰে বৃহৎ পৰিমাণৰ ধন জমা কৰাসকলৰ সুতৰ হাৰ ০.৩ শতাংশ বৃদ্ধি কৰিছে এছ বি আইয়ে।

সোমবাৰে এছবিআইয়ে ১০ কোটি টকাতকৈ কম জমা থকা ছেভিংছ একাউণ্টৰ সুত ০.৫০ শতাংশ হ্ৰাস কৰি ২.৭০ শতাংশলৈ হ্ৰাস কৰে। এছবিআইয়ে এক বিবৃতিত কয় যে এতিয়া গ্ৰাহকে ১০ কোটি বা তাতকৈ অধিক টকা জমা কৰিলে ৩ শতাংশ হাৰত সুত পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?