--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে এলআইচিৰ ৩.৫ শতাংশ স্বত্ব বিক্ৰী কৰিবলৈ সাজু হৈছে। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীৰ ৩.৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰি চৰকাৰে সংগ্ৰহ কৰিব বিচাৰিছে ২১হাজাৰ কোটি টকা। ৬ লাখ কোটি মূল্যৰ প্ৰতিষ্ঠানটোৰ স্বত্ব বিক্ৰীৰ বাবে ৪ মে’ত মুকলি কৰা হ’ব দেশৰ সৰ্ববৃহৎ আইপিঅ’৷ 

যদি আপুনিও এনআইচিৰ আইপিঅ’ত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে আপোনাৰ বাবে আছে এটা বিশেষ খবৰ৷ প্ৰতিষ্ঠানটোৱে আইপিঅ’ৰ বাবে ‘প্ৰাইচ বেণ্ড’ মুকলি কৰিছে। যদি আপোনাৰ এই আইপিঅ’ত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা আছে, তেন্তে আপুনি নিম্নতম কিমান বিনিয়োগ কৰিব লাগিব সেই সম্পৰ্কীয় তথ্যও প্ৰকাশ কৰা হৈছে। কোম্পানীৰ আইপিঅ’ ৪ মে’ত মুকলি হ’ব আৰু গ্ৰাহকে ৯ মে’লৈকে ইয়াক গ্ৰহণ কৰিব পাৰিব। একে সময়তে, এংকৰ বিনিয়োগকাৰীসকলে ২ মে’ৰ পৰা আইপিঅ’ত নিবিদা দিব পাৰে।

কিমান হ’ব প্ৰাইচ বেণ্ড?

কোম্পানীটোৱে আইপিঅ’ৰ প্ৰতি শ্বেয়াৰত প্ৰাইচ বেণ্ড ৯০২-৯৪৯ টকা নিৰ্ধাৰণ কৰিছে। এটা লটত, গ্ৰাহকে পাব ১৫ টা শ্বেয়াৰ৷ 

বিনিয়োগকাৰীয়ে কিমান ৰেহাই পাব?

আমি আপোনাক জনাওঁ প্ৰতিষ্ঠানটোৱে খুচুৰা গ্ৰাহকসকলক প্ৰতিটো শ্বেয়াৰত ২৫ টকাকৈ ৰেহাই দিব আৰু পলিচী থকাসকলে প্ৰতি শ্বেয়াৰত ৬০ টকাৰে ৰেহাই পাব। 

কিমান শ্বেয়াৰ মুকলি কৰা হ’ব?

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই আইপিঅ’ৰ জৰিয়তে, প্ৰতিষ্ঠানটোৱে ২২.১৩ কোটি টকাৰ শ্বেয়াৰ মুকলি কৰিব। চৰকাৰে এই আইপিঅ’ৰ জৰিয়তে প্ৰায় ২১,০০০ কোটি টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে আইপিঅ’ৰ জৰিয়তে এলআইচিৰ প্ৰায় ৩.৫ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰিব। 

উল্লেখ্য যে, চৰকাৰে ফেব্ৰুৱাৰীত এলআইচিৰ পাঁচ শতাংশ অংশ অর্থাৎ ৩১.৬ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। এই সন্দৰ্ভত নথিপত্ৰসমূহ ছেবিৰ ওচৰত দাখিল কৰা হৈছিল। কিন্তু ৰুছ-ইউক্ৰেইন যুদ্ধৰ ফলত বজাৰৰ অস্থিৰতাই আইপিঅ’ আঁচনিতো প্ৰভাৱ পেলায়। যোৱা সপ্তাহত চৰকাৰে আইপিঅ’ৰ ৩.৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?