--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ বিজ্ঞানীসকলে নৱজাত এন্দুৰৰ মূৰত মানুহৰ মগজুৰ কোষ ৰোপণ কৰিবলৈ সক্ষম হৈছে। হঠাৎ কিয় এই পদক্ষেপ? বিজ্ঞানীসকলে দাবী কৰিছে যে এই পদাৰ্থ মগজুৰ বিভিন্ন ৰোগৰ গৱেষণাত উপযোগী হ’ব পাৰে। বিজ্ঞানীসকলে আশা কৰিছে যে এন্দুৰৰ সহায়ত স্কিজ’ফ্ৰেনিয়া বা অটিজিম আদি ৰোগৰ ঔষধ বিচাৰি উলিয়াব পাৰি। নেচাৰ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই গৱেষণাৰ তথ্য।

মগজুৰ বিভিন্ন ৰোগৰ ওপৰত গৱেষণা কৰাটো অতি কঠিন। কাৰণ মানুহৰ মগজু এটা জটিল গঠন। মানুহৰ স্নায়ুকোষ বা নিউৰনৰ গঠনো মৌলিক। গতিকে আন প্ৰাণীৰ মগজুৰ ওপৰত কৰা গৱেষণা সদায় মানুহৰ মগজুৰ লগত মিল নাথাকে। শৰীৰৰ বাহিৰত কৃত্ৰিমভাৱে কোষবোৰ তৈয়াৰ কৰিলেও ইহঁতৰ বৃদ্ধি স্বাভাৱিক নহয়। 

এই সকলোবোৰ বাধা দূৰ কৰিবলৈ বিজ্ঞানীসকলে নৱজাত এন্দুৰৰ মগজুত মানুহৰ মগজুৰ কিছুমান কোষ প্ৰতিস্থাপন কৰিছিল। এন্দুৰৰ মূৰত সংস্থাপন কৰা কোষেৰে গঠিত ‘মিনি ব্ৰেইন’ক বৈজ্ঞানিকভাৱে ‘অৰ্গেন’ইড’ বুলি কোৱা হয়। কিন্তু বিজ্ঞানীসকলে দাবী কৰিছে যে মগজুটো পূৰ্ণাংগ মানুহৰ দৰে গঠিত নহয়।

এই গৱেষণাৰ নেতৃত্ব দিছে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক চাৰ্জিঅ’ প’স্কাৰে। এন্দুৰৰ শাৰীৰিক বিকাশৰ লগে লগে মগজুৰ কোষবোৰো স্বাভাৱিকভাৱে বৃদ্ধি পাব বুলি তেওঁ দাবী কৰে। কিন্তু আন এটা শাখাৰ বিজ্ঞানীয়ে নিশ্চিত নহয় যে গোটেই কামটো কিমান কামত আহিব। কোৱা হৈছে যে মানুহৰ মানসিক বিকাৰ কেৱল স্নায়ুজনিত সমস্যা নহয়। গতিকে এই পদ্ধতি কিমান ফলপ্ৰসূ হ’ব তাক লৈ সন্দেহ আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?