--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

যিবোৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা সমৰ্থন বুটলিছিল, ক্ষমতাত বহাৰ ৬মাহৰ ভিতৰত দ্বিতীয়টো আঘাতহে দিলে অসমীয়া সমাজখনক। অসম এনে এখন ৰাজ্য, যিখন ৰাজ্যত ইয়াৰ ভূমিপুত্ৰ খিলঞ্জীয়াই নিজৰ অধিকাৰ পদে পদে হেৰুৱাইছে! অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্য যে আমাৰ জনপ্ৰতিনিধিয়ে অসমীয়াৰ স্বাৰ্থৰ সলনি তেওঁলোকৰ হাইকমাণ্ড দিল্লীৱালা নেতাৰ সন্তুষ্টিত অধিক গুৰুত্ব দিয়ে। এই নেতাই কথাৰ চাতুৰিৰে অসমীয়া মানুহক কেনেকৈ ঠগি আহিছে তাৰ দুটা উদাহৰণেই যথেষ্ট। অসম চৰকাৰৰ দুটা কেবিনেট সিদ্ধান্তই জোকাৰিছে ৰাজ্যখনক। নিজৰ ঠাইখিনিতে সকলো হেৰুৱাৰ বাট কাটিছে এই চৰকাৰখনে। ‘লাচিত দিৱস’ত বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠেকে এক গুৰুত্বপূণ সিদ্ধান্ত গ্ৰহণ কৰিলে।

...থলুৱাৰ ভূমিৰ অধিকাৰ হৰণৰ পাছত অসমীয়া ভাষাৰ ক্ষেত্ৰখন সংকুচিত কৰাৰ ভয়ানক সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। আমি অসম চৰকাৰক অনুৰোধ কৰিছো, ভূমিৰ ওপৰত জনজাতীয় মানুহৰ অধিক কপকপীয়া কৰক। লগতে অসমীয়া ভাষা অসমত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰক।...

এই সিদ্ধান্তই ভাৰতৰ ভিতৰত অসমত সৰ্বপ্ৰথম ‘কা’ বলবৎ কৰাৰ প্ৰস্তুতি চলালে। আমি সকলোৱে জানো যে, বাংলাদেশৰ মানুহৰ বোজা আৰু অসমীয়া ভাষা হেৰুৱাৰ আশংকাত অসমৰ মানুহে ‘কা’বিৰোধী সংগ্ৰামত অৱতীৰ্ণ হৈছিল। হিন্দু বাংলাদেশীক অসমত নাগিৰকত্ব প্ৰদান কৰিলে অসমীয়া ভাষী সংখ্যালঘুত পৰিণত হোৱাৰ আশংকাতে ‘কা’বিৰোধ কৰিছিল অসমীয়াই। অসমত বৰ্তমান প্ৰায় ৮০ লাখ বাংলাভাষী লোক আছে। অসমীয়া ভাষীৰ পাছতে অসমত বাংলাভাষীলোকৰ স্থান। অসমত ‘অসমীয়া’ ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল। ‘কা’বিৰোধী আন্দোলন যেতিয়া তুংগত উঠিছিল, তেতিয়া দিছপুৰত থকা বিজেপি চৰকাৰে এটা কেবিনেট সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰলৈকো প্ৰেৰণ কৰিছিল। সিদ্ধান্তটো আছিল ‘অসমত অসমীয়া ৰাজ্যিক ভাষাই নহয় ইয়াক চৰকাৰী কাম-কাজতো ব্যৱহাৰ কৰিব লাগে।’


কিন্তু ২৪ নৱেম্বৰৰ কেবিনেটে এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে ‘অসমীয়া’ জানিব লাগিব বুলি কোনো বাধ্যতা নাথাকিব বুলি লোৱা সিদ্ধান্তই ‘কা’ বলবতৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ ইংগিত দিলে। এতিয়াৰপৰা এপিএছচি পৰীক্ষাত অৱতীর্ণ প্ৰাৰ্থীয়ে অসমীয়া নাজানিলেও হ’ব, অসমীয়াৰ সলনি বাংলা আৰু হিন্দী ভাষা জানিলেও এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অর্থাৎ একোজন এচিএছ আৰু এপিএছ বিষয়াই বাংলা, হিন্দীত বাৰ্তালাপ কৰি প্ৰশাসন চলোৱাৰ সুবিধা কৰি দিলে। উল্লেখযোগ্য যে, ভাৰতৰ সকলো ৰাজ্যত ৰাজ্যিক ভাষাই গুৰুত্ব লাভ কৰি আহিছে। মহাৰাষ্ট্ৰত মাৰাঠী, তামিলনাডুত তামিল, পশ্চিমবংগত বাংলা, গুজৰাটত গুজৰাটী, ভাষাৰ সমুখত ইংৰাজীৰ বাহিৰে অন্য কোনো ভাৰতীয় ভাষাৰ প্ৰত্যাহ্বান নাই। মাৰাঠীসকলৰ ভাষাকেন্দ্ৰিক স্বাভিমানৰ বাবে অমিতাভ বচ্ছনৰ দৰে উত্তৰ ভাৰতীয় হিন্দী বেল্টৰ মানুহে মাৰাঠী শিকিবলৈ বাধ্য হৈছে।

অসমত চৰকাৰখন আৰু ইয়াৰ গুৰিধৰোতা সকলৰ অসমীয়া বুলি স্বাভিমান নাই। তেওঁলোকে নিজকে ভাৰতীয় জাতীয়তাবাদৰ অংশীদাৰ বুলি গৌৰৱবোধ কৰে। অসমীয়া জাতীয়তাবাদক এইসকল ৰাজনীতিকে উত্তৰ ভাৰতৰ জাতীয়তাবাদলৈ ৰূপান্তিত হৈছে। উল্লেখযোগ্য যে, দিছপুৰৰ এইখন চৰকাৰৰ আগৰখন কেবিনেটে জনজাতীয় বেল্ট আৰু ব্লকৰ ভূমি যিকোনো অজনজাতীয় লোকে ক্ৰয় কৰাৰ বাট মুকলি কৰিছে। উপায়ুক্তৰ অনুমতি লৈয়ে ভূমিপুত্ৰৰ ভূমি ক্ৰয় কৰাৰ সুবিধা কৰি দিছে। ইতিমধ্য অসমৰ ভূমিপুত্ৰৰ ভূমি-সম্পত্তি কেতবোৰ বণিয়াই হস্তগত কৰিছিল। এই চৰকাৰে ভূমিপুত্ৰৰ সুৰক্ষাৰ বাবে কোনোধৰণৰ নীতি গ্ৰহণ কৰা নাই।

থলুৱাৰ ভূমিৰ অধিকাৰ হৰণৰ পাছত অসমীয়া ভাষাৰ ক্ষেত্ৰখন সংকুচিত কৰাৰ ভয়ানক সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। আমি অসম চৰকাৰক অনুৰোধ কৰিছো, ভূমিৰ ওপৰত জনজাতীয় মানুহৰ অধিক কপকপীয়া কৰক। লগতে অসমীয়া ভাষা অসমত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰক। বঙাইগাঁও কেবিনেটে অসমীয়া ভাষাৰ যি মৃত্যু ঘণ্টা বজালে, সেয়া তাৎক্ষণিকভাৱে পৰিহাৰ কৰক। আমি কোনো ভাষাৰ বিৰোধী নহয়। অসমীয়া ভাষাই অসমতে যদি মৰ্যাদা নাপায়, তেনেহ’লে ক’ত পাব? মই এই দাবী অসমৰ বাহিৰত ক’ত কৰিব পাৰো?

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?