নতুন দিল্লীঃ মঙলবাৰে নিশা ৰাজধানী দিল্লীত সংঘটিত হয় এক জঘন্য ঘটনা৷ উত্তৰ-পূবৰ যুৱতীক কেইজনমান পাষণ্ডই চলোৱা শাৰীৰিক আক্ৰমণ তথা বৰ্ণবৈষম্যৰ ঘটনাই পুনৰ জোকাৰি গৈছে সমগ্ৰ দেশ। দিল্লীৰ 'হজ কাচ ভিলেইজ'ৰ এখন বাৰ-ৰেষ্টুৰাৰ সন্মুখত সংঘটিত হৈছিল ঘটনাটো৷ উত্তৰ-পূৰ্বৰ যুৱতীক আক্ৰমণৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ঘটনাটো পোহৰলৈ আহিছিল। দাৰ্জিলিঙৰ ৩গৰাকী যুৱতীক অশ্লীল মন্তব্য কৰিছিল এটা যুৱকৰ দলে৷
ভুক্তভোগীসকলে ভিডিঅ'টোত অভিযোগ কৰিছিল যে এদল পুৰুষে উত্তৰ-পূবৰ যুৱতীকেইগৰাকীক এটা নিশাৰ বাবে তেওঁলোকৰ মূল্য কিমান সুধিছিল। উল্লেখ্য যে, যুৱতীকেইগৰাকী কৰ্মস্থলীৰপৰা ওলাই বন্ধুবৰ্গৰ সৈতে বাৰত গৈ ওলায় অহাৰ সময়ত এই ঘটনা সংঘটিত হৈছিল৷
আনহাতে ভিডিঅ'টোত আৰক্ষীৰ বিৰুদ্ধেও গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ ভিডিঅ'টোত আৰক্ষীক যুৱতীসকলে সহায় বিচাৰিবলৈ যাওঁতে তেওঁলোক বাৰত নৃত্য পৰিৱেশন কৰে নেকি বুলি কটাক্ষ কৰিছিল৷ এই সমগ্ৰ ঘটনাৰ পাছতেই এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷ আই পি চি 609 U/S ধাৰাত DCP SOUTH WEST দিল্লী আৰক্ষীত ৰুজু কৰা হৈছে গোচৰ৷ ডাৰ্জিলিঙৰ ৩ গৰাকী যুৱতীৰ লগত সংঘটিত হৈছিল নিৰ্যাটনৰ ঘটনাটো৷