ডিজিটেল ডেস্ক: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা অ’পেনাৰ স্মৃতি মান্ধানা দুৰ্দান্ত ফৰ্মত আছে এদিনীয়াত৷ টি-২০ শৃংখলাৰ ৱেষ্ট ইণ্ডিজ মহিলা ক্ৰিকেট দলৰ বিৰুদ্ধে মেচৰ পিছত এতিয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতো দুৰ্দান্ত প্ৰদৰ্শনেৰে জিলিকি উঠিছে। ভাৰতীয় মহিলা দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই মেচত ভাৰতে ৫০ অভাৰ ৯ উইকেটত ৩১৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচত স্মৃতি মান্ধানাই ১০২টা বলত ৯১ ৰানৰ ইনিংছ খেলি ইতিহাস ৰচে৷ এই ইনিংছৰ পাছত মান্ধানাই মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান সংগ্ৰহ কৰা মহিলা বেটছমেন হিচাপে পৰিগণিত হয় আৰু ২০২৪ত দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ খেলুৱৈ ল’ৰা উলভাৰ্ডৰ অভিলেখ ভংগ কৰে।
মান্ধানাই চলিত বৰ্ষত মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়ালৈকে খেলা মেচসমূহত মুঠ ১৬০২ ৰান সংগ্ৰহ কৰি স্মৃতি মান্ধনাই বছৰটোৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে এই অভিলেখ দক্ষিণ আফ্ৰিকাৰ মহিলা বেটছমেন ল’ৰা উলভাৰ্ডৰ নামত আছিল,দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ গৰাকীয়ে ২০২৪ চনত ১৫৬৩ ৰান সংগ্ৰহ কৰিছিল। এই তালিকাৰ তৃতীয় স্থানত আছে ইংলেণ্ড মহিলা দলৰ বেটছমেন নেট স্কাইভাৰ-ব্ৰাণ্ট ক্ৰিকেটাৰ গৰাকীয়ে ২০২২ চনত ১৩৪৬ ৰান সংগ্ৰহ কৰিছিল।