--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিকম খণ্ডকে ধৰি দেশৰ কেইবাটাও খণ্ডত আধিপত্য বিস্তাৰ কৰা  মুকেশ আম্বানীৰ  ৰিলায়েন্স কোম্পানীয়ে এতিয়া বজাৰত চকলেটো বিকিব। চকলেটৰ ব্যৱসায়ত হাত দিয়াৰ বাবেই  ৰিলায়েন্স কনজিউমাৰে ২৭ কোটি টকাৰে ৮২ বছৰ পুৰণি ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহ ক্ৰয় কৰিছে। 

চুক্তি অনুসৰি এতিয়া  কফি ব্ৰেক আৰু পান পছন্দকে ধৰি  ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ জনপ্ৰিয় ব্ৰেণ্ডৰ চকলেটসমূহ  আম্বানীৰ কোম্পানীয়ে বিক্ৰী কৰিব। ৰাভালগাঁও চুগাৰ ফাৰ্মে  আম মুড, কফি ব্ৰেক, টুটি ফ্ৰুটি, পান পছন্দ, চোকো ক্ৰীম আৰু চুপ্ৰিমৰ দৰে ব্ৰেণ্ডৰ চকলেট বিক্ৰী কৰি আহিছিল কিন্তু এতিয়া ২৭ কোটি টকাৰ বিনিময়ত আম্বানীৰ  ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-এ  ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহৰ ট্ৰেডমাৰ্ক, ৰেচিপি, আদিৰ অধিকাৰ ক্ৰয়  কৰিছে।  ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ হৈ  হৰ্ষবৰ্ধন ভাৰত দোশী, নিহাল হৰ্ষবৰ্ধন দোশী আৰু লালন অজয় কাপাদিয়ে চুক্তিত স্বাক্ষৰ কৰিছে। 

উল্লেখ্য আৰচিপিএল হৈছে ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ (আৰআৰভিএল) এটা সহায়ক কোম্পানী। এই কোম্পানীটো  মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ খুচুৰা শাখা। ৰাভালগনে কৈছে  যে চুক্তি কৰা হৈছে যদিও ৰাভালগনৰ সম্পত্তি, ভূমি, প্ৰকল্প, ভৱন, সঁজুলি, যন্ত্ৰপাতি আদিআম্বানীয়ে ক্ৰয় কৰা নাই।  কেৱল কেইটামান জনপ্ৰিয় ব্ৰেণ্ডহে ক্ৰয় কৰিছে। ৰাভালগাঁও চুগাৰৰ মতে, শেহতীয়া বছৰবোৰত ইয়াৰ  মিষ্টান্ন ব্যৱসায় চলাই  ৰখাটো কঠিন হৈ পৰিছে।" ইয়াৰ ফলত ৰাভালগনে লোকচানৰো সন্মুখীন হৈছে। 

 কেঁচা মাল, শক্তি আৰু শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ  ফলত ইয়াৰ ৰাভালগনৰ লাভ কমি আহিছে।  আৰচিপিএলৰ এফএমচিজি শাখাত প্ৰাসংগিক খেলুৱৈ হোৱাৰ উচ্চাকাংক্ষা আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?