--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া তৰমুজৰ বতৰ। তৰমুজ বহুতৰে প্ৰিয় ফল। এই ফলবিধৰ আছে বহু উপকাৰী গুণ। ৯২ শতাংশ পানীৰে ভৰা তৰমুজ গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি উপকাৰী।গৰমৰ দিনত শৰীৰ হাইড্ৰেট কৰি ৰখাত সহায় কৰে তৰমুজে। পাছে তৰমুজৰো আছে অপকাৰী গুণ। তৰমুজ খালে কি সমস্যা হ'ব পাৰে জানো আহক।

১)নিশাৰ ভাগত তৰমুজ খাব নালাগে। অত্যধিক তৰমুজ খোৱাৰ ফলত গেছ, ডায়েৰিয়া বা পেট ফুলা আদিৰ দৰে সমস্যা হ'ব পাৰে। দৰাচলতে, পুষ্টিবিদসকলে তৰমুজক ইয়াৰ ফ্ৰুক্টোজৰ পৰিমাণৰ বাবে এক উচ্চ এফ.ও.ডি.এম.এ.পি. খাদ্য বুলি বিবেচনা কৰে।  ফ্ৰুক্টোজ হৈছে এক মনোচেকাৰাইড বা এক সাধাৰণ চেনী যাৰ অত্যাধিক সেৱনৰ ফলত পাকস্থলী ফুলা বা প্ৰদাহ হ'ব পাৰে। সেইকাৰণে চিকিৎসকসকলে কেতিয়াও ইয়াক ৰাতি খোৱাৰ পৰামৰ্শ নিদিয়ে। 

২) তৰমুজ হৈছে এক উচ্চ গ্লাইচেমিক সূচক (জিআই) খাদ্য। ইয়াৰ অনিয়মীয়া গ্ৰহণে ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে। যদি আপোনাৰ ডায়েবেটিচৰ অভিযোগ আছে, তেন্তে আপুনি ইয়াক অতি সাৱধানে গ্ৰহণ কৰা উচিত। ইয়াত পোৱা প্ৰাকৃতিক শৰ্কৰাৰ পৰিমাণে ডায়েবেটিচ ৰোগীসকলৰ বাবে কঠিন কৰি তুলিব পাৰে।  

৩)এটা অধ্যয়ন অনুসৰি অত্যাধিক তৰমুজ খোৱাটো ছালৰ হালধীয়া-কমলা ৰঙৰ সৈতে সম্পৰ্কিত, যাক এক প্ৰকাৰৰ কেৰোটেনেমিয়া বুলি কোৱা হয়। লাইকোপেন হৈছে এক এণ্টিঅক্সিডেণ্ট আৰু ৰঞ্জক যি তৰমুজকে ধৰি বহুতো ফল আৰু পাচলি ৰঙা ৰং কৰাত কাম কৰে। অত্যাধিক লাইকোপেন সেৱনে ছালৰ ৰঞ্জকতা সলনি কৰিব পাৰে। 

৪)তৰমুজ অত্যন্ত সুস্বাদু ফল কিন্তু ইয়াত যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক চেনী থাকে। বিশেষজ্ঞসকলে কৈছে যে অত্যাধিক চেনী সেৱনে ওজন বৃদ্ধি অৰ্থাৎ মেদবহুলতা বৃদ্ধি কৰিব পাৰে। অৱশ্যে এই সমস্যা কেৱল তেতিয়াহে হ'ব পাৰে যেতিয়া নিশা হজম প্ৰণালী লেহেম হয়। দিনটোত ইয়াৰ ব্যৱহাৰে কোনো ডাঙৰ ক্ষতি নকৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?