--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সোমবাৰে কয় যে কিছু তত্ব, যিয়ে ভাৰতৰ বিকাশৰ পথত বাধাৰ সৃষ্টি কৰি আছে।সেই তত্বসমূহ অতি ভয়ংকৰ ৷কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ ছত্ৰপতি শিৱাজী মহাৰাজৰ সময়তো এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও ধৰ্মৰ শক্তি ব্যৱহাৰ কৰি ইয়াৰ সৈতে মোকাবিলা কৰা হয়।’ 

ভাগৱতে কয় যে ‘আগতে ভাৰতৰ ওপৰত বহিঃৰাজ্যৰ আক্ৰমণ প্ৰায়ে দেখা গৈছিল, সেয়েহে জনসাধাৰন সজাগ ৷কিন্তু বৰ্তমান বিভিন্ন ৰূপত তেওঁলোক সন্মুখলৈ আহিছে।’

ভাগৱতে ড০ মিলিন্দ পাৰাডকাৰৰ ৰচনা ‘থাঞ্জাৱৰ্চে মাৰাঠে’ নামৰ গ্ৰন্থখন মুক্তি অনুষ্ঠানত এই মন্তব্য দিয়ে ৷ আৰএছএছৰ মুৰব্বীজনে ক’লে যে ‘যেতিয়া ৰামায়ণৰ এজন ৰাক্ষসী তাড়কাই আক্ৰমণ কৰিছিল তেতিয়া যথেষ্ট বিশৃংখলতা হৈছিল আৰু মাত্ৰ এটা কাঁড়েৰে তেওঁক ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল, একেদৰে শিশু কৃষ্ণকো মাহীৰ বেশত পুতনা নামৰ ৰাক্ষসীয়ে স্তনপানৰ চলেৰে হত্যা কৰিবলৈ আহিছিল , কিন্তু শিশু কৃষ্ণই তেওঁক বধ কৰে ৷ ভাগৱতে কয় যে আজিৰ পৰিস্থিতিও একেই। আক্ৰমণ আহি আছে আৰু ই অৰ্থনৈতিক, আধ্যাত্মিক বা ৰাজনৈতিকে হওক সকলো দিশতে বিধ্বংসী।’

মোহন ভাগৱতে কয় যে ভাৰতক সংজ্ঞায়িত কৰা উৎস হ’ল ‘জীৱন শক্তি’। তেওঁ কয় যে জীৱন শক্তি আমাৰ জাতিৰ আধাৰ আৰু ই ধৰ্মৰ ওপৰত ভিত্তি কৰি সদায় থাকিব। আৰএছএছৰ মুৰব্বী ভাগৱতে কয় যে ধৰ্ম সৃষ্টিৰ আৰম্ভণিতে আছিল আৰু শেষলৈকে ধৰ্মৰ প্ৰয়োজন হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?