--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ৭১ বছৰৰ  পিছত আকাশত দৃশ্যমান হৈছে  ' মাদাৰ অব ড্ৰেগন' ধূমকেতু। এই ধূমকেতুটোৱে নিজৰ   কক্ষপথত পৰিভ্ৰমণ কৰিবলৈ ৭১ বছৰ সময় লাগে। সেয়ে প্ৰতি ৭১ বছৰৰ মূৰতহে এই ধূমকেতুটো পৃথিৱীৰ পৰা দৃশ্যমান হয়।   ' মাদাৰ অব ড্ৰেগন'  ধূমকেতুটোৰ এটা নিউক্লিয়াছ আছে যি প্ৰায় ৩০  কিলোমিটাৰ ব্যাসৰ আৰু ই সৌৰজগতৰ মাজেৰে ভ্ৰমণ কৰাৰ সময়ত সময়ে সময়ে ইয়াক দেখা যায়।


 ' মাদাৰ অব ড্ৰেগন' ধূমকেতুটোৰ বৈজ্ঞানিক নাম  ১২ পি/পন্স-ব্ৰুকছ, যাক 'ড্ৰেগনৰ মাতৃ' বুলি কোৱা হয়। এই ধূমকেতুটো এতিয়া  আকাশত দৃশ্যমান হৈছে। সূৰ্য অস্ত যোৱাৰ পিছতে পশ্চিম আকাশত এই ধূমকেতুটো আপুনি দেখিবলৈ পাব।   

ধূমকেতুটোৱে সাধাৰণতে মঙ্গলগ্ৰহৰ কক্ষপথৰ চাৰিওফালে পেৰিহেলিয়ন (সূৰ্যৰ নিকটতম অৱস্থান) অৱস্থাত উপনীত হয় আৰু ইয়াক পৃথিৱীৰ পৰা সহজে দেখা পোৱাটো সম্ভৱ হৈ পৰে। উল্লেখ্য ধূমকেতু সাধাৰণতে হৈছে বৰফৰ একো একোটা পিণ্ড। কিছুমান ধূমকেতু বৰফ, ধুলি আৰু শিলাময় পদাৰ্থৰে গঠিত।  ১২ পি/পন্স-ব্ৰুকছ ধূমকেতুটো  সূৰ্যৰ ওচৰ চাপি অহাৰ লগে লগে সূৰ্যৰ  তাপে ধূমকেতুটোৰ ভিতৰৰ বৰফক কঠিনৰ পৰা গেছলৈ পৰিৱৰ্তন কৰে। গেছ ধূমকেতুৰ পৃষ্ঠৰ পৰা ওলাই যায়, ইয়াৰ সৈতে ধুলি মিহলি হৈ  ডাৱৰৰ নেজ গঠন কৰে । 

এই ধূমকেতুটো দৰ্শনৰ উপযুক্ত সময় হৈছে হৈছে মাৰ্চৰ শেষৰ পৰা  এপ্ৰিলৰ আৰম্ভণিলৈ।  ধূমকেতুটো  সন্ধিয়াৰ পিছত পশ্চিম দিগন্তত দেখিবলৈ পোৱা যায়।  যদিও  খালি চকুৰেই ইয়াক চোৱাটো সম্ভৱ, তথাপি   সৰু দূৰবীণেৰে চালে ইয়াক অধিক উজ্জ্বল ৰূপত দেখা যাব। এই ধূমকেতুটো প্ৰথমে ১৯৫৪ চনত বিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। এই ধূমকেতুটোৰ আকাৰ  এখন চহৰৰ সমান,ই ১৭  কিলোমিটাৰ বহল।  ইয়াৰ বৰফযুক্ত নিউক্লিয়াছৰ চাৰিওফালে  এটা উপবৃত্তাকাৰ কক্ষপথ আছে । ধূমকেতুটো উজ্জ্বল সেউজীয়া ৰূপত  দেখা যায়।আৰু ৭১ বছৰলৈ পৃথিৱীৰ কাষলৈ নহা   ধূমকেতুটোৱে ২১ এপ্ৰিল, ২০২৪ত  আকাশত আটাইতকৈ উজ্জ্বল ৰূপত দেখা যাব। এপ্ৰিল মাহৰ বাকী দিনবোৰতো ইয়াক সন্ধিয়াৰ আকাশত দেখা যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?