--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ এখন ৰাজনৈতিক নাট্য ছবি। এই ছবিখনত সমৰ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মেছিয়ে। ছবিখনত ৰাশী খান্নাই অমৃতা গিলৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ৰিদ্ধি ডোগ্ৰাই মণিকা ৰাজপুৰোহিতৰ চৰিত্ৰত অভিনয় কৰিছে৷ এই ছবিখন দেশৰ আটাইতকৈ ডাঙৰ ঘটনা গোধৰা কাণ্ডৰ আধাৰত। প্ৰধানমন্ত্ৰী মোদীয়েও এই ছবিখন উপভোগ কৰিছিল আৰু ইয়াৰ শলাগ লৈছিল। 

অৱশ্যে বক্স অফিচত ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ৰ প্ৰদৰ্শন হতাশাজনক আছিল। কিন্তু এতিয়া ছবিখন অ’টিটিত মুক্তি পাবলৈ গৈ আছে। ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ কেতিয়া আৰু ক’ত মুক্তি পাব জানো আহক ৷

২০২৪ চনৰ ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি পাইছিল ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। এই ছবিখনে দৰ্শক আৰু সমালোচক উভয়ৰে পৰা মিশ্ৰিত সহাৰি লাভ কৰিছিল। এতিয়া এই ছবিখন অ’টিটিত মুক্তি পাবলৈ গৈ আছে। এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ১০ জানুৱাৰীত ZEE5 ত প্ৰিমিয়াৰ হ’ব বিক্ৰান্ত মেছি অভিনীত দ্য সাবৰমতী ৰিপ’ৰ্ট। ধীৰাজ সাৰ্নাৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২০০২ চনত সবৰমতী এক্সপ্ৰেছৰ সৈতে জড়িত গোধৰা ৰেল জ্বলন ট্ৰেজেডীৰ আধাৰত নিৰ্মিত। অৱশ্যে এই ছবিখনৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই নিৰ্মাতাসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?