--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংস্কৃতত এটা শ্লোক আছে 'মূকং কৰোতি বাচালং, পংগু লংঘয়তে গিৰি।' শ্লোকটোৰ অৰ্থ ঈশ্বৰৰ কৃপাত বোবাজনেও কথা কয়, পংগুৱেও পাহাৰ বগায়। তেনে এগৰাকী মহিলা হৈছে ছোনজিন আংমো। হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাৰ এখন আওহতীয়া গাঁৱৰ এই জনজাতি মহিলাগৰাকী সম্পূর্ণ দৃষ্টিহীন। কিন্তু তেওঁৰ এই অন্ধত্ব তেওঁৰ সপোনৰ বাটত হেঙাৰ হ'ব পৰা নাই। এই সপ্তাহৰ আৰম্ভণিতে যোৱা সোমবাৰে আংমোবে মাউন্ট এভাৰেষ্ট আৰোহণ কৰি, বিশ্বৰ সৰ্বোচ্চ পর্বত হিমালয়ত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা পুতি থৈ আহিলে। 

এভাৰেষ্ট শৃংগ বিজয় কৰা ভাৰতৰ প্রথমগৰাকী দৃষ্টিহীন মহিলা আৰু বিশ্বৰ পঞ্চমগৰাকী তেনে ব্যক্তি ৰূপে ইতিহাস ৰচনা কৰিলে। সৰুতেই অন্ধ আৰু বধিৰ হোৱা আমেৰিকাৰ প্রখ্যাত লেখিকা হেলেন কেল্লাৰ হৈছে আংমোৰ আদৰ্শ। আংমোৱে কেল্লাৰৰ প্ৰজ্ঞাৰ বাণী 'অন্ধ হোৱাতকৈ শোচনীয় কথা হৈছে দৃষ্টি থাকিও সপোন নেদেখা।' 

আংমোৱে ৮ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুৱাইছিল। বর্তমান তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মিৰাণ্ডা হাউছৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ চেষ্টা কৰি আছে। তদুপৰি, তেওঁ দিল্লীত ছার্ভিচ এছ'চিয়েট হিচাপে ইউনিয়ন বেংক অব ইণ্ডিয়াত কৰ্মৰত। আংমোৱে কয় যে পৰ্বতৰ শৃংগ আৰোহণ কৰাটো তেওঁৰ আশৈশৱ সপোন। ২০২৪ চনৰ অক্টোবৰত আংমো ৫,৩৬৪ মিটাৰ উচ্চতাত থকা এভাৰেষ্টৰ বেছ কেম্পলৈ ট্রেকিং কৰা প্ৰথম ভাৰতীয় দৃষ্টিহীন মহিলা ৰূপে পৰিচিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত'ত আংমোৰ কথা উল্লেখ কৰিছিল। খেলৰ প্ৰতি থকা ৰাপৰ বাবে আংমোৱে সাঁতোৰত ৰাজ্যিক পৰ্যায়ত সোণৰ পদক লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথনত তেওঁ দুটা ব্ৰঞ্জৰ পদকো লাভ কৰিছিল। আংমোৱে মাণ্ডলিক আৰু ৰাষ্ট্ৰীয় পর্যায়ত ফুটবলো খেলিছিল। 

উল্লেখযোগ্য যে ২০২১ চনত অপাৰেশ্যন ব্লু ফ্রীডমৰ অধীনত কৰা ছিয়াচেন গ্লেচিয়াৰ আৰোহণ কৰা অন্যভাৱে সক্ষম পৰ্বতাৰোহী দলটোৰ একমাত্র মহিলা আছিল আংমো। উক্ত আৰোহণে এক নতুন অভিলেখো ৰচনা কৰিছিল। যোৱা বছৰ তেওঁ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ পৰা সৰ্বশ্রেষ্ঠ দিব্যাংগন ৰাষ্ট্ৰীয় বঁটাও গ্ৰহণ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?