--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : ছলমান খানক বাধা দিব পাৰে কোনে? চলচ্চিত্ৰতেই হওক বাব ৰিয়েল লাইফতেই হওক একপ্ৰকাৰ অপ্ৰতিৰোধ্য ভাইজান। তেওঁক স্বচক্ষে এবাৰ দেখাৰ বাবে অসংখ্য অনুৰাগীয়ে কামনা কৰি থাকে। তেওঁক কোনোবাই কিবা কামৰ পৰা বাৰণ কৰাটো সেইবাবে স্বপ্নৰো অগোচৰ এক কথা। কিন্তু সেইগৰাকী ছলমান খানকে বাধা দিলে। ছলমানৰ অপ্ৰতিৰোধ্য গতিত গতিৰোধক হৈ থিয় দিয়া লোকজন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ঘটনাটো সংঘটিত হৈছিল মুম্বাই বিমানবন্দৰত। ছলমানৰ নতুন ছবি ‘টাইগাৰ-৩’ শ্বুটিঙস্থলীলৈ উৰা মৰাৰ বাবে বিমানবন্দৰত উপস্থিত হৈছিল তাৰকাগৰাকীয়ে যাৱতীয় নিৰাপত্তজনিত পৰীক্ষা সম্পূৰ্ণ নকৰাকৈ টাৰ্মিনেলত প্ৰৱেশৰ বাবে অগ্ৰসৰ হৈছিল। সেই সময়তে তেওঁক বাধা দিয়ে চিআইএছএফৰ এগৰাকী কৰ্তব্যৰত জোৱানে। এই ভিডিঅ’ ব্যাপকভাৱে চৰ্চিত হৈ পৰে আৰু বিভিন্ন মাধ্যমত জোৱানজনৰ কৰ্তব্যনিষ্ঠাক লৈ বহুতেই প্ৰশংসা কৰাও দেখা যায়।

কিন্তু ছলমানক বাধা দিয়া জোৱানজনক চিআইএছএফ-এ শাস্তি বিহা বুলি বাতৰি প্ৰচাৰ হৈছিল। এই বাতৰি আজি নস্যাৎ কৰিছে চিআইএছএফ কৰ্তৃপক্ষই। বৰং কৰ্তব্যৰত অৱস্থাত দেখুওৱা অসাধাৰণ নিষ্ঠা আৰু আপোচহীনতাৰ বাবে তেওঁক পুৰস্কৃতহে কৰা হৈছে বুলি প্ৰকাশ কৰে চিআইএছএফ-এ। এটা টুইটযোগে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, টাইগাৰ-৩ৰ শ্বুটিঙৰ বাবে বৃহস্পতিবাৰে ৰাছিয়ালৈ উৰা মাৰিছিল ছলমান আৰু কেটৰিনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?