--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেশ্যনেল পেমেন্ট কৰ্প'ৰেশ্যন ইণ্ডিয়াই (এন পি চি আই) টোল কৰ আৰু ফাষ্টেগ নিয়মৰ কিছুমান সালসলনি কৰিছে। এই নতুন নিয়মসমূহ আজিৰ পৰা কাৰ্যকৰী কৰা হ'ব। 

এন পি চি আইৰ মতে, ইয়াৰ জৰিয়তে টোল কৰ আদায় কৰাটো সহজ কৰি তুলিবলৈ বিচৰা হৈছে। লগতে টোল বুথত যান-বাহনৰ চলাচলো সুচল হৈ পৰিব। নতুন নিয়ম অনুসৰি, যদি ফাষ্টেগ 'ৰীড' হোৱাৰ এঘণ্টা আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিস্টেড হৈ থাকে তেতিয়া টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ'ব। ইয়াৰ লগতে ফাষ্টেগ বেলেন্স কম হ'লে বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থাকিলেও টোল প্লাজাত টোল কৰ সংগ্ৰহ অগ্রাহ্য কৰা হ'ব। এই নিয়মসমূহ অৱহেলা কৰা যান-বাহনৰ মালিকে জৰিমনাৰ ৰূপত দুগুণ টোল কৰ দিব লাগিব। 

এই নতুন নিয়মৰ অধীনত গাড়ীৰ মালিকে তেওঁৰ গাড়ীৰ ফাষ্টেগত জমা থকা ধনৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব আৰু সময়মতে ফাষ্টেগ ৰিচাৰ্জ কৰাত সুবিধা হ'ব। 

উল্লেখযোগ্য যে ফাষ্টেগ ৰীড হোৱাৰ এঘণ্টাৰ আগতে বা ৰীড হোৱাৰ দহ মিনিটৰ পাছলৈকে ব্লেক লিষ্টেড হৈ থকাৰ কাৰণ হ'ল ফাষ্টেগত জমা ধন কম থকা বা কোনো কাৰণত ফাষ্টেগ ব্লক হৈ থকা।

(উৎসঃ দৈনিক জনমভূমি)
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?