--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্লে’ কোৰ্টৰ অবিসম্বাদী সম্ৰাট ৰাফেল নাডাল আকৌ এবাৰ প্ৰৱেশ কৰিছে ৰোঁলা গেৰোঁৰ ফাইনেলত। শুকুৰবাৰে ছেমিফাইনেলত নাডালৰ প্ৰতিদ্বন্দী আলেকজেণ্ডাৰ জেভেৰেভে সোঁ ভৰিৰ আঘাতৰ বাবে খেল আধাতে সামৰিবলৈ বাধ্য হোৱাৰ লগে লগে ফাইনেলত স্থান নিশ্চিত হয় নাডালৰ। এইদৰে কেৰিয়াৰৰ ১৫ সংখ্যক ফ্ৰেঞ্চ অপেনত ১৪ তম বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে স্পেনিচ খেলুৱৈজন।

শুকুৰবাৰে অনুষ্ঠিত ছেমিফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভে সোঁ গোৰোহাত আঘাত পোৱাৰ পিছতে খেল কিছু সময়ৰ বাবে ৰখাই দিয়া হয়। আঘাতৰ পিছতে হুইলচেয়াৰত বহি কোৰ্ট ত্যাগ কৰে জেভেৰভে। সেই সময়ত মেচখনত নাডাল ৭-৬ (১০/৮), ৬-৬ ব্যৱধানত আগবাঢ়ি আছিল। চিকিৎসকৰ সহায়ত প্ৰথমে কোৰ্ট ত্যাগ কৰা জেভেৰভে কিছুসময় পিছত পুনৰ কোৰ্টত প্ৰৱেশ কৰি মেচখনৰ পৰা আঁতৰি যোৱা বুলি ঘোষণা কৰে। 

মেচখনত জয়ী ঘোষণা কৰাৰ পিছতে নাডালে কয় জেভেৰেভৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ কয়, "এইয়া জেভেৰেভৰ বাবে অতি কঠিন আৰু দুখজনক। মই জানো তেওঁ গ্ৰেণ্ড শ্লেম জয়ৰ বাবে কিমান যুঁজ দি আছে। মই নিশ্চিত যে তেওঁ এটাতকৈ অধিক গ্ৰেণ্ড শ্লেম জয়ী হ’ব। মই তেওঁক শুভকামনা জনাইছো।”

আনহাতে তিনিঘণ্টাতকৈও অধিক সময় ধৰি চলা মেচখনত জেভেৰভে কঠিন প্ৰত্যাহ্বান জনাইছিল বুলি স্বীকাৰ কৰি নাডালে মেচখনক তেওঁৰ বাবে চলিত প্ৰতিযোগিতাখনৰ আটাইতকৈ কঠিন প্ৰত্যাহ্বান আখ্যা দিয়ে। 

অভিলেখ ২২ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপৰ সন্ধানত থকা নাডাল দেওবাৰে ফাইনেলত কেচপাৰ ৰুডৰ সন্মুখীন হ’ব। ফাইনেলত প্ৰৱেশৰ পথত ৰুডে মাৰিন ক্ৰ’ৱেছিয়াৰ চিলিকক ৩-৬, ৬-৪, ৬-২, ৬-২ ব্যৱধানত পৰাস্ত কৰে। এইদৰে টেনিছ ইতিহাসত কোনো গ্ৰেণ্ড শ্লেমৰ ফাইনেলত উপনীত হোৱা নৰৱেৰ প্ৰথমজন টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হয় ৰুড।  উল্লেখ্য যে ৰুডে নাডালক নিজৰ আদৰ্শ হিচাপে আখ্যা দিয়ে। 

ইফালে নাডাল ১৯৩০ চনৰ ফ্ৰেঞ্চ অপেনৰ ৰানাৰ-আপ বিল টিল্ডেনৰ পিছতে ফ্ৰেঞ্চ অপেনৰ ইতিহাসত ফাইনেলত উপনীত হোৱা দ্বিতীয়গৰাকী বয়ষ্ক খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ১৯৩০ চনত ফ্ৰেঞ্চ অপেনৰ ফাইনেল খেলাৰ সময়ত টিল্ডেনৰ বয়স আছিল ৩৭ বছৰ। আনহাতে নাডালে শুকুৰবাৰে ৩৬ বছৰ সম্পূৰ্ণ কৰিছে। 

উল্লেখ্য যে ২০০৫ চনত ফ্ৰেঞ্চ অপেনত অভিষেক ঘটোৱাৰ পিছত প্ৰতিযোগিতাখনত তেওঁৰ ১১৪ খন খেলৰ মাত্ৰ তিনিখনতহে পৰাজিত হৈছে নাডাল। কেৰিয়াৰত অভিলেখ সংখ্যক ২১ বাৰৰ গ্ৰেণ্ডশ্লেম বিজয়ী নাডালে টেনিছ ইতিহাসত সৰ্বাধিক গ্ৰেণ্ডশ্লেম খিতাপ জয়ী হিচাপে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?