--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত সুন্দৰকৈ সজোৱা বাগিচা এখনে সৌন্দর্য বৃদ্ধি কৰাৰ লগতে মানুহৰ মন প্রফুল্লিত কৰি তোলে। সুন্দৰভাৱে সজোৱা বাগিচা এখনে ঘৰৰ চৌহদত শুভ ফলদায়ক চ্চি শক্তিৰ সঞ্চাৰ ঘটায়। সেইবাবে বাগিচাখন যাতে ফেংছুইৰ নীতি অনুসৰি স্থাপন কৰা হয় সেই বিষয়ত অধিক গুৰুত্ব দিব লাগে। আজিকালি চহৰ অঞ্চলত মানুহে বাগিচা পতাৰ বাবে ঠাইৰ অভাৱ। 

বহুতে ফ্লেটত থকাৰ বাবে বাগিচা নিৰ্মাণ কৰি ল'ব নোৱাৰে। বাগিচা নিৰ্মাণৰ বাবে ঠাই থকাসকলে ফেংছুইৰ নিয়ম অনুসৰি বাগিচা নিৰ্মাণ কৰাটো উচিত। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত সজোৱা বাগিচাত একোটা সৰু পুখুৰী অথবা কৃত্রিম পুখুৰী থাকিব লাগে। 


এনে পুখুৰীয়ে চ্চি শক্তিৰ সঞ্চাৰ ঘটোৱাত সহায় কৰে। এনে পুখুৰীৰ পানী সদায় পৰিষ্কাৰ হ'ব লাগে। বাগিচাত থকা পানী ফেংছুইৰ মতে দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ পানী হৈছে গতিশীল পানী অর্থাৎ য়াং পানী আৰু আন ধৰণৰ পানী হৈছে স্থিৰ পানী অর্থাৎ য়িন পানী। প্রথমবিধ পানী বিভিন্ন ফোৱাৰা আদিৰ জৰিয়তে কৰিব পাৰি। দ্বিতীয়বিধ পানী পুখুৰীত সৃষ্টি কৰিব পাৰি। স্থিৰ পানীত পদুমফুল জাতীয় জলজ ফুল ফুলাই বাগিচাত চ্চি শক্তিৰ সঞ্চাৰ ঘটাব পাৰি। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ চৌদিশে পাতবাহাৰ জাতীয় গছ ৰোপণ কৰিলে চ্চি শক্তি যথেষ্ট বৃদ্ধি পায়। 


ঘৰখন এখন সুন্দৰ অৰণ্যৰ মাজত থকা যেন কৰি তুলিব পাৰিলে তেনে ঘৰত চ্চি শক্তিৰ বৃদ্ধি হয়। বাগিচাত শিলেৰে কেতবোৰ মূৰ্তি আদি নিৰ্মাণ কৰি সেয়া স্থাপন কৰিব পাৰি। তদুপৰি কাঠ বা বাঁহ আদিৰেও বাগিচাখন সজাই তুলিব পাৰি।
 
বাগিচাত থকা সৰু পুখুৰীটোত কাছ পুহিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ফেংছুইৰ মতে কাছ হৈছে সৌভাগ্যৰ প্ৰতীক। সেইবাবে বাগিচাৰ পুখুৰীত কাছ পুহি ৰাখিব পাৰিলে ঘৰখনত শুভ শক্তিৰ সঞ্চাৰ ঘটাত সহায় হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?