--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ফিফাই ঘোষণা কৰিছে যে ২০৩১ চনৰ সংস্কৰণৰ পৰা আৰম্ভ কৰি পুৰুষৰ প্ৰতিযোগিতাৰ দৰেই ৩২টা দলৰ পৰা ৪৮টা দললৈ বৃদ্ধি কৰা হ'ব মহিলা ফুটবল বিশ্ব কাপৰ দল। ২০২৬ চনত অনুষ্ঠিত হ'ব লগীয়া ফুটবল বিশ্ব কাপৰ বাবে পুৰুষৰ প্ৰতিযোগিতা ৪৮টা দললে সম্প্ৰসাৰিত কৰা হ'ব। এই প্রতিযোগিতা আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আয়োজন কৰিব। 

ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে কয় যে ২০২৩ চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা মহিলা বিশ্ব কাপ ফুটবলৰ সফলতাৰ পাছত এই সম্প্ৰসাৰণ ঘটিছে। নকআউট পর্যায়ে আন বহু অভিলেখৰ লগতে বিশ্বব্যাপী প্রতিযোগিতামূলক ক্ষমতাৰ বাবে এক নতুন মান নির্ধাৰণ কবিৰ। ইনফান্টিনোৱে কয় যে মহিলা ফুটবল সম্পৰ্কত পৰৱৰ্তী পদক্ষেপ গ্রহণ কৰাটোৱে নিশ্চিত কৰিছে যে অধিক ফিফা সদস্য সংস্থাই নিজৰ মহিলা ফুটবলৰ গাঁথনি উন্নত কৰি তুলিব আৰু প্রতিযোগিতাখনৰ পৰা লাভৱান হোৱাৰ সুযোগ পাব। ফিফাই ২০৩১ আৰু ২০৩৫ চনৰ মহিলা বিশ্ব কাপৰ আয়োজক দেশ অনুমোদন দিব লাগিব এটা বৈধ নিবিদা প্রক্রিয়াৰ মাজেৰে। যোৱা মাহত ইনফান্টিনোৱে কয় যে ২০২৬ চনত অনুষ্ঠিত হ'ব লগীয়া ফুটবল বিশ্ব কাপৰ বাবে পুৰুষৰ প্রতিযোগিতাখন ৪৮টা দললৈ সম্প্ৰসাৰিত কৰা হ'ব, যিটো আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আয়োজন কৰিব। আনহাতে, ফিফা পৰিষদেও বর্ণবাদ বিৰোধী নতুন ব্যৱস্থা গ্রহণ কৰি বিশেষকৈ জৰিমনা বৃদ্ধি কৰিছে। 

ফেডাৰেশ্যনসমূহেও নিজৰ অনুশাসন সংহিতা মানি চলিব লাগিব। ফিফাই ড'পিং গোচৰত ৰাষ্ট্ৰীয় নিষেধাজ্ঞা অপর্যাপ্ত বুলি বিশ্বাস কৰিলে ক্রীড়াৰ আদালতত আৱেদন কৰিব পাৰে। ১৫মে'ত পেৰাগুৱেৰ আছুনচিঅ'ত অনুষ্ঠিত হ'ব লগীয়া ৭৫ সংখ্যক ফিফা কংগ্ৰেছৰ প্ৰস্তুতিৰ বিষয়েও ২১১গৰাকী ফিফা কাউন্সিলৰ সদস্যক অৱগত কৰা হয়। ফিফা কাউন্সিলে আফগান মহিলা ফুটবলাৰসকলক সহায় কৰাৰ কৌশলতো অনুমোদন জনায়, য'ত আফগান মহিলা শৰণাৰ্থী দল গঠন কৰাটোও অন্তর্ভুক্ত হৈছে। 'ফিফাই সংশ্লিষ্ট খেলুৱৈসকলৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰি আছে আৰু এয়া এক লেণ্ডমাৰ্ক পদক্ষেপ হ'ব।'- ইনফান্টিনোৱে লগতে কয়।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?