--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰ আৰম্ভ হৈছে আৰু লগতে ই-কমাৰ্চ ৱেবছাইটৰ বাম্পাৰ বিক্ৰীও আৰম্ভ হৈছে। এনে অৱস্থাত বহু গ্ৰাহকে সস্তীয়া আৰু উত্তম সামগ্ৰী ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ই-কমাৰ্চ ৱেবচাইটৰ পৰা বজাৰ কৰাৰ সময়ত এজন গ্ৰাহক পুনৰ প্ৰবঞ্চনাৰ বলি হৈছে। এই গ্ৰাহকজনে অনলাইনত লেপটপ এটা অৰ্ডাৰ দিছিল। লেপটপৰ সলনি তেওঁ পালে ঘড়ী চাবোন। 

গ্ৰাহকজন আই আই এম আহমেদাবাদৰ এজন ছাত্ৰ, যিয়ে ফ্লিপকাৰ্টৰ পৰা ৫০ হাজাৰ টকাৰ লেপটপ অৰ্ডাৰ কৰিছিল, কিন্তু কোম্পানীয়ে তেওঁক ঘড়ী চাবোনহে পঠাইছিল। ছাত্ৰজনৰ নাম যশস্বী শৰ্মা আৰু তেওঁ ফ্লিপকাৰ্টত চলি থকা ‘বিগ বিলিয়ন ডেজ ছেল’ৰ পৰা পিতৃৰ বাবে এটা লেপটপ অৰ্ডাৰ কৰিছিল। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছিল– মই দেউতাৰ বাবে এটা লেপটপ অৰ্ডাৰ দিছিলোঁ, কিন্তু ফ্লিপকাৰ্টে ঘড়ী চাবোনহে পঠালে। যেতিয়া মই কাষ্টমাৰ কেয়াৰত অভিযোগ কৰিছিলো, তেতিয়া তেওঁলোকে ভুল মানি ল’বলৈ অস্বীকাৰ কৰিছিল।

যেতিয়া তেওঁ কোম্পানীটোৰ ওচৰত অভিযোগ কৰিছিল, তেতিয়া তেওঁক ‘নো ৰিটাৰ্ণ পলিচি’ৰ উল্লেখ কৰি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব বুলি কৈছিল। যশস্বী শৰ্মাই দাবী কৰিছে যে তেওঁৰ হাতত লেপটপৰ সলনি ঘড়ী চাবোন ডেলিভাৰী কৰাৰ চিচিটিভিৰ প্ৰমাণ আছে। তেওঁ কোম্পানীটোক এই প্ৰমাণো দেখুৱাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ডেলিভাৰী বয়ৰ পৰা টোপোলাটো লৈ থাকোঁতে দেউতাকে ভুল কৰিছিল বুলি ক’লে কোম্পানীয়ে। আচলতে যশস্বী শৰ্মাৰ পিতৃ অপেন বক্স ডেলিভাৰীৰ বিষয়ে অৱগত নাছিল। ইয়াৰ অধীনত গ্ৰাহকে ডেলিভাৰী এজেণ্টৰ সন্মুখত পেকেজটো খুলিব লাগে আৰু সন্তুষ্ট হোৱাৰ পাছত অ’টিপি দিব লাগে।

যশস্বীয়ে এই এই প’ষ্ট কৰি ফ্লিপকাৰ্টৰ চিইঅ’ কল্যাণ কৃষ্ণমূৰ্তি আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো টেগ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?