--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ফৰ্বছে দেশ আৰু বিশ্বৰ কোটিপতিৰ তালিকা প্ৰকাশ কৰিছে । শেহতীয়া ফৰ্বছ বিলিয়নাৰ তালিকাত এক ডজনৰো অধিক ভাৰতীয় মহিলাক স্থান দিলে। এই তালিকা অনুসৰি অ’ পি জিন্দল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দল ভাৰতৰ আটাইতকৈ ধনী মহিলা। জানো আহক শীৰ্ষ ৫ ভাৰতীয় মহিলাসকলৰ বিষয়ে, যিসকল আটাইতকৈ ধনী।

১) সাবিত্ৰী জিন্দাল (১৭ বিলিয়ন ডলাৰ)-
ফৰ্বছৰ তথ্য অনুসৰি জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্ৰী জিন্দাল ভাৰতৰ আটাইতকৈ ধনী মহিলা। দেশৰ ধনী লোকৰ তালিকাত ষষ্ঠ স্থানত আছে ৭৩ বছৰীয়া সাবিত্ৰী জিন্দাল। একে সময়তে বিশ্বৰ ধনী লোকৰ তালিকাত তেওঁৰ ৯৪ নম্বৰ স্থান। তেওঁৰ সম্পত্তি ১৭ বিলিয়ন ডলাৰ (১৩,৯১,৩১,৮২,৫০,০০০ টকা)।

২) ৰোহিকা চাইৰাছ মিষ্ট্ৰী (৭ বিলিয়ন ডলাৰ)
ৰোহিকা চাইৰাছ মিষ্ট্ৰী প্ৰয়াত চাইৰাছ মিষ্ট্ৰীৰ পত্নী। ৰোহিকাই নিজেই কৰ্পৰেট আইকন হিচাপে কাম কৰি আহিছে আৰু কিছুমান ব্যক্তিগত আৰু ৰাজহুৱা সীমিত কোম্পানীত পৰিচালক হিচাপে কাম কৰি আহিছে। ৫৫ বছৰীয়া ৰোহিকা চাইৰাছ মিষ্ট্ৰীৰ সম্পত্তিৰ পৰিমাণ ৭ বিলিয়ন ডলাৰ। 

৩) ৰেখা ঝুনঝুনৱালা (৫.১ বিলিয়ন ডলাৰ)
বিগ বুল নামেৰে পৰিচিত বিনিয়োগকাৰী প্ৰয়াত ৰাকেশ ঝুনঝুনৱালাৰ পত্নী ৰেখা ঝুনঝুনৱালা দেশৰ ধনী মহিলাসকলৰ ভিতৰত অন্যতম। ৫৯ বছৰীয়া ৰেখা ঝুনঝুনৱালাৰ সম্পত্তিৰ পৰিমাণ ৫.১ বিলিয়ন ডলাৰ। তাৎপৰ্যপূৰ্ণভাৱে ঝুনঝানৱালাৰ পৰ্টফলিঅ’ত টাইটান, ষ্টাৰ হেল্থ এণ্ড এলাইড ইনশ্বুৰেন্স আৰু মেট্ৰ’ ব্ৰেণ্ডছ অন্তৰ্ভুক্ত।

৪) বিনোদ ৰায় গুপ্তা (৪ বিলিয়ন ডলাৰ)
ভাৰতৰ ধনী মহিলাৰ তালিকাত নাম অহা হেভেলছ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনিল গুপ্তাৰ মাতৃ বিনোদ ৰায় গুপ্তা। মুঠ সম্পত্তিৰ কথা ক’বলৈ গ’লে তেওঁ ৪ বিলিয়ন ডলাৰৰ মালিক। হেভেলছ ইণ্ডিয়াই ইলেক্ট্ৰনিক সম্পৰ্কীয় কামৰ বিভিন্ন সামগ্ৰী যেনে ফেন, ফ্ৰীজ, চুইচ আদি প্ৰস্তুত কৰে।

৫) সৰোজ ৰাণী গুপ্তা (১.২ বিলিয়ন ডলাৰ)
সৰোজ ৰাণী গুপ্তা মহালক্ষ্মী ইছ’বিল্ড প্ৰাইভেট লিমিটেডৰ সঞ্চালক। তেওঁ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ত পঞ্জীয়নভুক্ত। ৭২ বছৰীয়া সৰোজ ৰাণী গুপ্তাৰ মুঠ সম্পত্তি ১.২ বিলিয়ন ডলাৰ। এপিএল এপ’ল’ টিউবছৰ সহ-প্ৰতিষ্ঠাপক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?