--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গোলাঘাট: আকৌ বিজেপি কৰ্মীৰ ৰোষৰ বলি অজন্তা নেওগ৷ গৃহ সমষ্টিতে য’তে-ত’তে সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ৷ ‘অজন্তা গ’ বেক, অজন্তা হটাও’- ধ্বনিৰে উত্তাল হৈছে গোলাঘাট জিলা৷ অভিযোগ অনুসৰি, পুৰণি বিজেপি কৰ্মীক একাষৰীয়া কৰিছিল অজন্তাই৷ অজন্তা নেওগে গেৰুৱা বসন পিন্ধি পুনৰবাৰ বিধায়ক হোৱাৰ সপোনত যেন বাৰে বাৰে যতি পৰিব ধৰিছে তেওঁৰ বাবে৷ পুৰণি বিজেপি কৰ্মীৰ অজ্ঞাতে সভা আয়োজন কৰাৰ অভিযোগত বাৰম্বাৰ ৰোষত পৰিছে অজন্তা৷

আৰু পঢ়িব পাৰিব : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল’লে ৰাজীৱ কুমাৰ বৰাই…

উল্লেখ্য যে, সোমবাৰে বালিজান পঞ্চায়তৰ ৬নং ৱাৰ্ডত অনুষ্ঠিত সভালৈ গৈছিল একালৰ কংগ্ৰেছী বিধায়কাগৰাকীয়ে৷ অজন্তাক পুৰণি বিজেপি কৰ্মীয়ে কোনোপধ্যেই যেন নেত্ৰী হিচাপে গ্ৰহণ কৰা নাই তাৰেই প্ৰতিফলন ঘটিল আকৌ এবাৰ গোলাঘাটত৷ ইপিনে গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত ন-বিজেপিৰ গালত উঠিছে মহিলাৰ পূৰ্ণহতীয়া চৰ৷ লাজে-অপমানে ন বিজেপি চত্ৰভংগ দিবলগীয়া হৈছে সভাস্থলীৰ পৰা৷

আৰু পঢ়িব পাৰিব : ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অজন্তা নেওগে সোমবাৰে বালিজান পঞ্চায়তৰ পৰা একপ্ৰকাৰ খেদা খোৱাৰ পাছত পৰৱৰ্তী সভা আহ্বান কৰিছিল জামুগুৰিত।কিন্তু তাতো একেই দশা।ন বিজেপি পন্থীক সভা আহ্বান কৰিবলৈ নিদি পুৰণি বিজেপি কৰ্মীয়ে দিলে পহু খেদা।এতিয়া ’২১ৰ নিৰ্বাচনক লৈ গোলাঘাট বিধানসভা সমষ্টিত বেচ আকৰ্ষণীয় হৈছে ন বিজেপি-পুৰণি বিজেপিৰ যুঁজখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?