--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁলোকে মধ্য আৰু দক্ষিণ গাজাত সঠিকভাৱে স্থান নির্ধাৰণ কৰি স্থল আক্ৰমণ আৰম্ভ কৰিছে। 

যোৱা জানুৱাৰীত যুদ্ধবিৰতি হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ইজৰাইলে বুধবাৰে স্থলভাগৰ পৰা আক্ৰমণ আৰম্ভ কৰে তথা উত্তৰ গাজাক দক্ষিণ গাজাৰ পৰা পৃথক কৰা কৰিডৰ নেতঝাৰিম কৰিডৰ নিজৰ দখললৈ আনে। ইজৰাইলী সেনাই কয় যে এতিয়াৰ পৰা দক্ষিণ গাজাৰ পৰা উত্তৰ গাজাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। 

ইজৰাইলে বিমান আক্রমণেৰে গাজাত চাৰি শতাধিক পেলেষ্টাইনীক হত্যা কৰাৰ পাছতে দেশখনে স্থল আক্ৰমণ আৰম্ভ কৰে। আনহাতে গাজালৈ খাদ্য, ইন্ধন আৰু মানৱীয় যোগান বন্ধ কৰি দিয়া ইজৰাইলে কয় যে হামাছৰ হাতত থকা ৫৯জন পণবন্দীক মুক্তি নিদিয়া তথা অঞ্চলটোত হামাছে নিয়ন্ত্রণ এৰি নিদিয়া পর্যন্ত অভিযান প্ৰবল কৰা হ'ব। 

ইফালে বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰ পুৱালৈকে ইজৰাইলী আক্ৰমণত গাজাত ৮৫জন পেলেষ্টাইনীৰ মৃত্যু হয়। স্থানীয় স্বাস্থ্য বিষয়াসকলে এই কথা জনায়। এই সপ্তাহত ইজৰাইলে কৰা এইটো হৈছে দ্বিতীয় বৃহৎ আক্রমণ। এই আক্রমণ চলে খান ইউনিছ মহানগৰৰ বাহিৰৰ আবাচান আল-কবীৰা গাঁও, উত্তৰ গাজাৰ বেইত লাহিয়া নগৰ আদিত।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?