--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাড়ী বা বাইক কিনিবলৈ গ’লে মানুহে পচন্দৰ ৰঙৰ গাড়ী বা বাইকখন কিনে।  কোনোবাই বগা গাড়ী ভাল পায়, কোনোবাই ক'লা, ৰঙা বা ৰূপালী ৰং আদি ভাল পায়। গাড়ী কিনাৰ ক্ষেত্ৰত ৰঙৰ বহু বিকল্প থাকে। কিন্তু টায়াৰ কিনাৰ কথা আহিলে তেনে কোনো বিকল্প নাথাকে।  টায়াৰৰ আকাৰ, কোম্পানী বা ষ্টাইল বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ৰং সদায় ক’লা।  আপুনি কেতিয়াবা ভাবিছেনে টায়াৰৰ ৰং সদায় ক’লা কিয় থাকে?  আন কোনো ৰঙৰ টায়াৰ কিয় বনোৱা নহয়?  উত্তৰটো জানো আহক

 টায়াৰবোৰ এসময়ত বগা আছিল

 অতি কম সংখ্যক লোকেহে জানিব যে প্ৰায় ১২৫ বছৰ আগতে টায়াৰৰ ৰং বগা আছিল।  ইয়াৰ কাৰণ আছিল টায়াৰ বনোৱাত ব্যৱহাৰ কৰা ৰবৰ, যিটো গাখীৰৰ দৰে বগা।  কিন্তু বৰ্তমান সময়ত টায়াৰ তৈয়াৰ কৰিবলৈ অন্য সামগ্ৰী ব্যৱহাৰ কৰা হয়।  আচলতে পুৰণি কালৰ টায়াৰবোৰ বাহনৰ বোজা চম্ভালিব পৰাকৈ শক্তিশালী নাছিল আৰু ৰাস্তাত বেগেৰে গতি কৰিব পৰা নাছিল।

 এনে অৱস্থাত টায়াৰৰ শক্তি আৰু আয়ুস বৃদ্ধি কৰিবলৈ এটা শক্তিশালী সামগ্ৰীৰ প্ৰয়োজন হৈছিল।  গাখীৰৰ দৰে বগা পদাৰ্থটোত কাৰ্বন ব্লেক যোগ কৰাৰ পাছত পাৰ্থক্য আহিল।  কাৰ্বন ব্লেকে টায়াৰৰ দীৰ্ঘায়ু আৰু শক্তি বৃদ্ধি কৰে।  কিন্তু কাৰ্বন ব্লেক যোগ কৰিলে টায়াৰটো সম্পূৰ্ণ ক’লা হৈ পৰে। 

 বিবিচিৰ এক প্ৰতিবেদন অনুসৰি সাধাৰণ ৰবৰেৰে নিৰ্মিত এটা টায়াৰ প্ৰায় ৮ হাজাৰ কিলোমিটাৰ চলিব  পাৰে, আনহাতে কাৰ্বনাইজড ৰবৰেৰে নিৰ্মিত টায়াৰে ১ লাখ কিলোমিটাৰ চলিব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?