--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীমদ্ভাগৱত গীতা হৈছে ভাগৱত হিন্দু ধৰ্মৰ বহুমূলীয়া গ্ৰন্থ। য'ত ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক বহু উপদেশৰ কথা কৈ গৈছে । ভগৱান শ্ৰীকৃষ্ণই গীতাত কোৱা কথাবোৰ কলিযুগৰ মানুহৰ জীৱনশৈলীৰ লগত সম্পূৰ্ণ মিল আছে। ভাগৱত গীতাৰ বাক্য বা উপদেশ যদি আমি আমাৰ জীৱনত পালন কৰো তেন্তে জীৱনৰ সফলতাৰ পৰা কোনেও আমাক বাধা দিব নোৱাৰে। গীতাই জীৱনৰ সকলো সমস্যা সমাধানৰ কথা বৰ্ণনা কৰিছে।
     
জীৱনৰ উন্নতি জীৱনটো সুনিয়ন্ত্ৰিত আৰু সুন্দৰ কৰি তুলিবলৈ গীতাৰ এই উপদেশ আমি প্ৰতি মুহূৰ্ততে মনত ৰখা উচিত।  গীতাৰ এই উপদেশ বা বাক্য কি কি  উল্লেখ কৰা আছে চাওঁ আহক...

১.  জন্মৰ সময়ত সকলোৱে খালী হাত লৈ এই সুন্দৰ পৃথিৱী খনলৈ আহে। প্ৰতিজন মানুহেই পৃথিৱীত এটা নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি জন্ম লয়। সেই নিৰ্দিষ্ট লক্ষ্যটোৱেই হৈছে জীৱনটোৰ প্ৰথম উদ্দেশ্য। প্ৰচুৰ ধন- সম্পত্তিৰ প্ৰতি কেতিয়াও লোভী হোৱা উচিত নহয়। কাৰণ আমি গোটেই জীৱনত যি উপাৰ্জন কৰো, সেয়া কেৱল নিজৰ বাবে যি কেতিয়াও চিৰস্থায়ী নহয়।

২. পৃথিৱীৰ সকলো বস্তুৱেই সলনি হৈ আছে ।  সময়ৰ লগে লগে মানুহ সলনি হয়, সমাজৰ 
পৰিবৰ্তন হয়। এতিয়া কথাটো হ’ল, পৰিৱৰ্তনশীলতাই একমাত্ৰ স্থিৰ তথ্য ।  আনহাতে, প্ৰতিটো নিৰ্জীৱ বস্তু আৰু জীৱৰ এটা নিৰ্দিষ্ট জীৱনচক্ৰ থাকে। একোৱেই স্থায়ী নহয়।  এয়াও জীৱনৰ মৌলিক সত্য।

৩.  আমাৰ শৰীৰ পঞ্চইন্দ্ৰিয়ৰে গঠিত।  ইয়াৰ ক্ষয় আছে যদিও শৰীৰত আত্মাৰ কোনো ক্ষয় নাই।  শৰীৰ মৰে, কিন্তু আত্মা অমৰ। গতিকে আত্মাৰ শান্তি কেৱল আমাৰ কৰ্মৰ দ্বাৰাহে আহে।

৪. সমুদ্ৰেই হওক বা জগতেই হওক, যিজনে ধৰ্মৰ নাও প্ৰস্তুত কৰে, তেওঁহে সঠিকভাৱে পাৰ হৈছে।

৫/ যিজন ব্যক্তিয়ে কেৱল নিজৰ দুখক আকোৱালি লয়। তেওঁ নিজৰ জীৱনটো শক্তিহীনভাৱে কটায়। কিন্তু যিজন ব্যক্তিয়ে সমগ্ৰ সমাজৰ  দুখত জীৱন কটায় তেওঁহে শক্তিশালী হয়। 

৬/ মই ইচ্ছামতে পোৱা নিৰ্জীৱ বস্তু নহয়! কিন্তু যিজনে মোক নিজৰ বুলি দাবী কৰে। তেওঁকহে মই নিজকে তেওঁৰ অধীন বুলি কওঁ।

৭) মোৰ ওচৰত কোনো নাই, মোৰ পিছে পিছে কোনো নাই, কিন্তু যেতিয়া ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধ হয় তেতিয়া স্বাভাৱিকতে মই ধৰ্মৰ পক্ষত থিয় দিওঁ।












FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?