--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীমদ ভাগৱত গীতা হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। গীতাৰ ১৮টা অধ্যায় আৰু ৭০০টা পদ আছে, যিবোৰ সকলো গুৰুত্বপূৰ্ণ। মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যি শিক্ষা দিছিল সেয়াই গীতা। আত্মা, ঈশ্বৰ, ভক্তি, কৰ্ম, জীৱন আদিৰ বিষয়ে গীতাত বিতংভাৱে বৰ্ণনা কৰা হৈছে। গীতাৰ মতে মানুহে কেৱল নিজৰ কাম আৰু কৰ্মত মনোনিৱেশ কৰিব লাগে। ইয়াৰ লগতে কাম কৰি থাকোঁতে এটা কথা মনত ৰখা উচিত যে আমি যি কাম কৰি আছো, তাৰ ফল আমি নিশ্চয় পাম।

জীৱন কি আৰু ইয়াক কেনেকৈ জীয়াই থাকিব লাগে, আত্মা আৰু ঐশ্বৰিক কেনেকৈ মিলি যায়, ভাল বেয়াৰ বুজাবুজি কিয় প্ৰয়োজনীয় সেই কথা গীতাত কোৱা হৈছে। এই সকলোবোৰ ৰহস্যময় প্ৰশ্নৰ উত্তৰ আমি গীতাৰ পৰা পাওঁ। কিন্তু প্ৰশ্ন হয় গীতাৰ সম্পূৰ্ণ জ্ঞান কেনেকৈ পাব আৰু তাৰ বাবে কিমানবাৰ পঢ়িব লাগে।

গীতা বা আন যিকোনো পাঠ্যৰ পৰা জ্ঞান আহৰণৰ চাৰিটা স্তৰ আছে-
* শ্ৰৱণ 
* ধ্যান জ্ঞান
* নিদিধ্যাসন জ্ঞান
* অভিজ্ঞতাভিত্তিক জ্ঞান

যিকোনো জ্ঞান এই চাৰিটা স্তৰৰ মাজেৰে পাৰ হোৱাৰ পিছতহে সম্পূৰ্ণ হয় আৰু ই সঠিক লাভ দিয়ে। অৰ্থাৎ আপুনি প্ৰথমে পঢ়ক বা শুনক। ইয়াৰ পাছত পঢ়া আৰু শুনা জ্ঞানৰ ওপৰত চিন্তা আৰু ধ্যান কৰক। যদি আপুনি ইয়াক সঠিক আৰু উপযোগী বুলি বিবেচনা কৰে তেন্তে ইয়াৰ অনুশীলন কৰক আৰু ইয়াক আপোনাৰ জীৱনত কাৰ্যকৰী কৰক আৰু শেষত আপুনি সেই জ্ঞানৰ ফল পাব। যেতিয়া আমি গীতা পঢ়ি তাৰ শিক্ষা জীৱনত প্ৰয়োগ কৰিম, তেতিয়া নিশ্চিতভাৱে তাৰ ফল ওলাব।

শ্ৰীমদ ভাগৱত গীতাক কিমানবাৰ পঢ়িব লাগে আৰু ইয়াৰ উপকাৰ কি কি-

১. প্ৰথমবাৰৰ বাবে গীতা পঢ়িলে আমি অন্ধ ব্যক্তি হিচাপে পঢ়ো। অৰ্থাৎ কোন কাৰ পিতৃ, কোন কাৰ ভগ্নী আৰু কোন কাৰ ভাতৃ সেইটোৱেই আমি বুজিব পাৰো। প্ৰথমবাৰৰ বাবে গীতা পঢ়িলে  ইয়াতকৈ বেছি একো বুজি পোৱা নাযায়।

২. আমি যেতিয়া দ্বিতীয়বাৰ গীতা পঢ়িম তেতিয়া মনত কিছুমান প্ৰশ্ন উত্থাপন হ’ব যে এইটো কিয় কৰা হ’ল বা কিয় তেনেকুৱা হ’ল?

৩. তৃতীয় বাৰৰ বাবে গীতা পঢ়িলে তাৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিম। অৱশ্যে প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ধৰণেৰে ইয়াৰ অৰ্থ বুজিব।

৪. চতুৰ্থবাৰৰ বাবে গীতা পঢ়িলে প্ৰতিটো চৰিত্ৰৰ লগত জড়িত অনুভৱবোৰ বুজিব পাৰিম। যেনেকৈ অৰ্জুনৰ মনত বা দুৰ্যোধনৰ মনত কি চলি আছে।

৫. পঞ্চমবাৰৰ বাবে গীতা পঢ়াৰ লগে লগে গোটেই কুৰুক্ষেত্ৰখনেই আমাৰ মনত থিয় হৈ থাকে আৰু আমাৰ মনত বেলেগ বেলেগ কল্পনা জাগ্ৰত হয় ।

৬. ষষ্ঠবাৰৰ বাবে গীতা পঢ়ি আমি আমাৰ সন্মুখত ভগৱানক অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ আৰু আমি অনুভৱ কৰোঁ যে ভগৱানে এই সকলোবোৰ আমাৰ সন্মুখতে কৈছে।

৭. অষ্টমবাৰৰ বাবে গীতা পঢ়ি আমি সম্পূৰ্ণৰূপে উপলব্ধি কৰো যে কৃষ্ণ বাহিৰত নহয় আমাৰ ভিতৰত আছে আৰু আমি তেওঁৰ ভিতৰত আছো।

শ্ৰীমদ ভাগৱত গীতা পাঠ কৰাৰ নিয়ম

* ভাগৱত পঢ়াৰ বাবে ৰাতিপুৱাৰ সময় সৰ্বোত্তম বুলি বিবেচিত হয়। কাৰণ এই সময়ত মন, মগজু আৰু পৰিবেশত শান্তি আৰু ইতিবাচকতা থাকে।

* গীতা পাঠ সদায় গা ধোৱাৰ পিছত আৰু শান্ত মনেৰে কৰিব লাগে।

• পাঠ কৰি থাকোঁতে মাজত ইফালে সিফালে কথা পাতিব নালাগে, কোনো কামৰ বাবেও বাৰে বাৰে উঠিব নালাগে।

* গীতা পাঠ কেৱল পৰিষ্কাৰ ঠাইত আৰু মাটিত আসন দিহে কৰিব লাগে।

* গীতাৰ প্ৰতিটো অধ্যায় আৰম্ভ কৰাৰ আগত আৰু পিছত ভগৱান শ্ৰীকৃষ্ণক আৰাধনা আৰু গীতা স্পৰ্শ কৰি প্ৰাৰ্থনা কৰিব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?