--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ আন্দোলনৰ কেন্দ্ৰবিন্দুত ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগ। তেওঁক লৈ কৰা এটা টুইটক লৈয়ে চলিছে চৰ্চা। এই টুইটটো কৰিছে মুম্বাইৰ বেটছমেন সূৰ্যকুমাৰ যাদৱে। ইডেন গাৰ্ডেনত আইপিএলৰ প্ৰথমখন কোৱালিফায়াত ৰাজস্থান ৰয়েলছ মুখামুখি হৈছিল গুজৰাট টাইটাঞ্চৰ।

সেই মেচখনত ৰিয়ান পৰাগক ফিল্ডিং দেখি টুইট কৰিছিল সূৰ্যকুমাৰ যাদৱে। তেওঁ টুইট কৰি কয় যে, ‘খেলপথাৰত গ্ৰেট এটিটিউড ৰিয়ান পৰাগ।’ ইয়াৰ পিছতে এই টুইটটোৱে ছ’চিয়েল মিডিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখা যায়। এই টুইটক লৈ সৃষ্টি হয় বিতৰ্কৰো। সূৰ্যকুমাৰ যাদৱৰ টুইট ডিলিট কৰাৰো পৰামৰ্শ দিয়ে একাংশই। মুম্বাইৰ এজন তাৰকাৰ এটা সাধাৰণ টুইটে এনে বিতৰ্কৰ সৃষ্টি কৰিব বুলি ঘৰুৱা ক্ৰিকেটত ‘স্কাই’ নামেৰে জনপ্ৰিয় সূৰ্যকুমাৰ যাদৱে কল্পনা কৰিব পৰা নাছিল।

মেচখনৰ ১৬ সংখ্যক অ’ভাৰত এই ঘটনাৰ সূত্ৰপাত হৈছিল। গুজৰাটৰ বেটছমেন ডেভিদ মিলাৰে ট্ৰেণ্ট ব’ল্টৰ ডেলিভাৰী বাউণ্ডেৰীলৈ মাৰি পঠিয়ায়। সেই সময়ত লং অনত ফিল্ডিং কৰি আছিল ৰিয়ান পৰাগে। দৌৰি গৈ ৰিয়ানে বলটো ৰখাবলৈ সক্ষম হয়। বলটো ধৰিয়েই সতীৰ্থ দেৱদত্ত পাৰিকালৰ ফালে দলিয়াই দিয়ে ৰিয়ানে। সেই সময়ত ৰিয়ান পৰাগ পাৰিকালৰ পৰা দূৰৈত আছিল যদিও দুয়োৰে মাজত কথোপকথন হোৱা দেখা যায়।  ৰিয়ান-দেৱদত্তৰ মাজত হোৱা কথা-বতৰাক কেন্দ্ৰ কৰিয়েই সূৰ্য্যকুমাৰ যাদৱে টুইট কৰে। 

কেৱল ফিল্ডিঙৰ সময়তেই নহয়, ৰাজস্থানৰ বেটিংৰ সময়তো ৰবিচন্দ্ৰন অশ্বিনৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে শেষ অ’ভাৰত ৰান আউট হৈছিল ৰিয়ান, তেতিয়াও উত্তেজিত হৈ পৰিছিল ৰিয়ান পৰাগ। চলিত আইপিএলত বাৰে বাৰে বিতৰ্কৰ সৈতে জড়িত হৈ পৰা দেখা গৈছে ৰিয়ান পৰাগক। ইয়াৰপূৰ্বে আম্পায়াৰকো ঠাট্টা কৰা দেখা গৈছিল ৰিয়ান পৰাগক।  ইয়াৰ ফলতো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰিয়ানৰ এনে অপেছাদাৰী আচৰণৰ বিৰোধিতা কৰিছে একাংশই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?