--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰৰ মতে প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট ব্যৱধানৰ পাছত ৰাশি সলনি কৰে। গ্ৰহৰ এনে ৰাশি পৰিৱৰ্তনে ১২টা ৰাশিৰ সকলো লোককে প্ৰভাৱিত কৰাৰ লগতে কিছু ৰাশিৰ বাবে শুভ বাৰ্তা কঢ়িওৱা বিপৰীতে কিছু ৰাশিৰ লোকক অশুভ ফলাফল প্ৰদান কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহ ৰজা সূৰ্য্যদেৱে আজি পুৱা ৭.১৬ বজাত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিছে। সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনে ১২টা ভিতৰৰ কোন কোন ৰাশিত প্ৰভাৱ পেলাব জানো আহক। 

১. কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ লোকৰ বাবে সূৰ্য্যৰ ৰাশি পৰিৱৰ্তন অতি শুভ বুলিব পাৰি। এই ৰাশিৰ জাতক-জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধিৰ লগতে কেৰিয়াৰত নতুন সুযোগ পাব, যিয়ে ভৱিষ্যতে শুভ ফলাফল প্ৰদান কৰিব। ঋণগ্ৰস্তসকলে এই সময়ত ঋণ পৰিশোধ কৰাত সফল হ’ব। ব্যৱসায়ীসকলে নতুন সুযোগ-সুবিধা লাভ কৰিব৷ আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব, যিয়ে অৰ্থনৈতিক অৱস্থা উন্নত কৰিব।

২. কন্যা ৰাশি : সূৰ্য্যদেৱৰ ৰাশি পৰিৱৰ্তনে কন্যা ৰাশিৰ লোকৰ বাবে শুভ বুলি কোৱা হৈছে। ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। সমাজত সন্মান বঢ়াৰ লগতে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপুনিও হয়তো সুখবৰ লাভ কৰিব, যিয়ে আপোনাৰ মনটোক সুখী কৰি ৰাখিব। 

৩. বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ লোকৰ বাবে সূৰ্য্যৰ ৰাশিৰ পৰিৱৰ্তনে সুখকৰ হ’ব। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে ভৱিষ্যতে ভাল ফলাফল পাব পাৰে। অৰ্থনৈতিক অৱস্থা উন্নত হ’ব। পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হ’ব। 

৪. কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ লোকৰ কেৰিয়াৰৰ বাবে সূৰ্য্যৰ ৰাশি পৰিৰ্ৱতন শুভ বুলি গণ্য কৰা হয়। যিসকল শ্ৰমিকৰ পদোন্নতি স্থগিত ৰখা হৈছে তেওঁলোকে হয়তো ভাল খবৰ পাব। একে সময়তে চাকৰি বিচৰাসকলেও নিজৰ আকাংক্ষিত চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কষ্টৰ ফল লাভ কৰিব পাৰে। আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। কৰ্মক্ষেত্ৰত ভাল ফলাফল পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?