--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ধন-সম্পত্তি, খ্যাতি-সুখ এইবোৰ জীৱনত প্ৰতিজন লোকে আশা কৰে। ইয়াৰ বাবে সকলো লোকে নিজ নিজ ঈশ্বৰক নিজস্ব কৌশলেৰে আৰাধনা কৰা দেখা যায়। হিন্দু ধৰ্মটো ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সকলো লোকে পূজা-অৰ্চনা কৰে। তদুপৰি বাস্তুশাস্ত্ৰ,  জ্যোতিষশাস্ত্ৰ আৰু লাল কিতাপতো দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বিভিন্ন ৰীতি-নীতিৰ কথা উল্লেখ কৰা হৈছে। ঝাড়ুৰে কৰা কিছুমান নিয়ম অতি বিশেষ বুলি গণ্য কৰা হয় কাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতাই মালক্ষ্মীক আকৰ্ষিত কৰিব পাৰে। সেয়েহে চাফাইৰ ক্ষেত্ৰত ঝাড়ুটো কেনেদৰে সঠিক নিয়মেৰে ব্যৱহাৰ কৰিলে ঘৰত ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি বৃদ্ধি কৰিব পাৰি জানো আহক।

১. ঝাড়ু দিয়াৰ সঠিক সময় - মালক্ষ্মীক সন্তুষ্ট কৰিবলৈ কেৱল ঘৰখন সদায় পৰিষ্কাৰ হোৱাই নহয়, ঘৰত ঝাড়ু দিয়াৰ সময়ো সঠিক হোৱাটো অতি গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰৰ মতে সূৰ্য্য উদয়ৰ পাছৰ পৰা সূৰ্যাস্তৰ প্ৰায় এঘণ্টা আগলৈকে ঘৰ ঝাড়ু দিয়াৰ উপযুক্ত সময়। দিনটোৰ এই সময়খিনিত ঘৰখন সদায় চাফা কৰি ৰাখিব লাগে। বিশেষকৈ সূৰ্যাস্তৰ পাছত আৰু নিশা ঝাড়ু দিয়া উচিত মনা নহয়। এই সময়ত মালক্ষ্মীৰ ঘৰলৈ আগমনৰ সময়, সেয়েহে এনে সময়ত কোনোবাই যদি ঘৰত ঝাড়ু দিয়ে তেন্তে মালক্ষ্মী অসন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।

২. ঝাড়ু ৰখা সঠিক স্থান - ঘৰ এখনত ঝাড়ুটো এনে স্থানত ৰাখিব লাগে, যাতে বাহিৰৰ কোনো লোকৰে নজৰ নপৰে। ইয়াৰ বাহিৰে কেতিয়াও পাকঘৰ,  শোৱা কোঠা,  পূজা কক্ষত ঝাড়ু ৰখা অনুচিত বুলি গণ্য কৰা হয়। একেদৰে মূল দুৱাৰৰ কাষত, ভঁৰাল ঘৰৰ ওচৰত আৰু তুলসী গছৰ কাষত ঝাড়ু ৰখাটো অতিশয় অশুভ বোলা হয়। এই ভুলবোৰে এখন ঘৰলৈ ধনৰ আগমনত বাধাৰ সৃষ্টি কৰিব পাৰে।

৩. কোনটোবাৰত ঝাড়ু ক্ৰয় কৰা উচিত - মঙল আৰু শুকুৰবাৰ নতুন ঝাড়ু কিনাৰ অতি শুভ দিন বুলি কোৱা হয়। ইয়াৰ বাহিৰেও ধনতেৰচ আৰু দীপাৱলীৰ দিনা ঝাড়ু ক্ৰয়ৰ শুভ দিন মনাৰ লগতে সদায় শনিবাৰৰ পৰা নতুন ঝাড়ু ব্যৱহাৰ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?