--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ত হেৰাল ৰণবীৰ এলাহাবাদিয়া( Ranveer Allahbadia)? তেওঁৰ ঘৰত ওলমি আছে তলা, ফোন বন্ধ৷ তদন্ততো ৰণবীৰে কৰা নাই সহযোগ৷ মুম্বাই আৰক্ষীৰ বিষয়াসকল এতিয়া বিমোৰত পৰিছে৷ ৰণবীৰ এলাহাবাদিয়াই এতিয়াও তেওঁৰ বক্তব্য ৰেকৰ্ড কৰা নাই আৰু আৰক্ষীৰ লগত কৰা নাই যোগাযোগ৷

সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত ভাগ লৈ বিপদত পৰিছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। শ্ব’টোত এজন প্ৰতিযোগীক ৰণবীৰে পিতৃ-মাতৃৰ যৌন জীৱনৰ বিষয়ে প্ৰশ্ন কৰিছিল, যাৰ ফলত ইণ্টাৰনেটত হুলস্থুলৰ সৃষ্টি হৈছিল। এই হুলস্থুল ইমানেই বাঢ়ি গ’ল যে জনসাধাৰণৰ লগতে নেতা, ৰাজনীতিবিদ আৰু ধৰ্মীয় সংগঠনেও ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে ওলাই আহিল। বিষয়টো সংসদলৈ যোৱাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ৰণবীৰৰ নামত এফআইআৰ পঞ্জীয়ন কৰা হয়।

ৰণবীৰ এলাহাবাদিয়াৰ লগতে শ্ব’টোৰ আয়োজক সময় ৰাইনা, ইনফ্লুৱেন্সাৰ অপূৰ্ব মাখিজা, ইউটিউবাৰ আশীষ চনচনালি আৰু ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শ্ব’টোৰ দলটোও আইনী সমস্যাত আবদ্ধ হৈ পৰিছে। এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত এজন এজনকৈ সকলোকে প্ৰশ্নোত্তৰৰ বাবে মুম্বাইৰ খাৰ থানালৈ মাতি অনা হৈছে। ৰণবীৰ এলাহাবাদিয়াও আৰক্ষীৰ সন্মুখত সোধা-পোছাৰ বাবে হাজিৰ হ’ব লাগিছিল যদিও তেওঁ থানাত উপস্থিত নহ’ল। দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে মাতি অনাৰ পাছত ১৩ ফেব্ৰুৱাৰীত ৰণবীৰে তেওঁৰ ঘৰলৈ আহি তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ৰণবীৰৰ ঘৰত বৰ্তমান ওলমি আছে তলা, ফোনো বন্ধ৷ 

ইনফ্লুৱেন্সাৰ অপূৰ্ব মাখিজা আৰু ইউটিউবাৰ আশীষ চনচনালিৰ বক্তব্য ৰেকৰ্ড কৰিছে মুম্বাই আৰক্ষীয়ে। দুয়োজনে নিজৰ বিবৃতিত কয় যে সময় ৰাইনাৰ এই অনুষ্ঠানৰ চিত্ৰনাট্য নাই। যি মন যায় কোৱাৰ স্বাধীনতা আছিল। শ্ব’টোৰ খণ্ডটোক লৈ হোৱা বিতৰ্কৰ পাছত ইনফ্লুৱেন্সাৰ আৰু ইউটিউবাৰসকলে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ইনষ্টাগ্ৰামত কমিছে ৰণবীৰ এলাহাবাদিয়াৰ ফ’ল’ৱাৰ। বহু ব্ৰেণ্ডৰ সৈতেও তেওঁ চুক্তি হেৰুৱাব পাৰে। আনহাতে অহা মাহত জয়পুৰত অনুষ্ঠিত হ’বলগীয়া আইআইএফএৰ পৰা অপূৰ্ব মাখিজাক বহিষ্কাৰ কৰা হৈছে। অপূৰ্ব আছিল আইআইএফএৰ চৰকাৰী ৰাষ্ট্ৰদূত। কিন্তু এতিয়া এই ডাঙৰ অনুষ্ঠানৰ পৰা তেওঁৰ নাম আঁতৰাই দিয়া হৈছে।

ৰণবীৰ এলাহাবাদিয়াই ছ’চিয়েল মিডিয়াত তেওঁৰ এই কথাৰ বাবে ক্ষমা বিচাৰিছিল। কমেডিয়ান সময় ৰাইনাই ‘ইণ্ডিয়া গট লেটেণ্ট’ৰ সকলো খণ্ড ডিলিট কৰিছে। তেওঁ তদন্তত সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?