--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : উপযুক্ত সময়ত জম্মু-কশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব কেন্দ্ৰই। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘোষণা কৰে। আজি লোকসভাত ‘জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন’ সম্পৰ্কত হোৱা এক আলোচনাত এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে। নিজৰ বক্তব্য প্ৰকাশৰ সময়ত ক্ষুণ্ণ হৈ পৰা শ্বাহে কংগ্ৰেছক সমালোচনা কৰি কয় যে, বিগত ৭০ বছৰে কংগ্ৰেছে জম্মু-কাশ্মীৰৰ সমস্যা সমাধান কৰিব নোৱাৰিলে আৰু এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা উত্তৰ বিচাৰি আছে।

আৰু পঢ়িব পাৰিব : ‘কৃষি আইনৰ জৰিয়তে ৪০শতাংশ লোকৰ ব্যৱসায় দুজন মানুহলৈ যাব’

‘সদনৰ মজিয়া মই পূৰ্বে কৈছোঁ আৰু পুনৰ কওঁ যে, এই বিধেয়কৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদাক লৈ একো কৰিবলগীয়া নাই। উপযুক্ত সময়ত ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব।’ সংসদত শ্বাহে কয়।

আৰু পঢ়িব পাৰিব : ন্যায় বিচাৰি মহিলাৰ প্ৰতিবাদঃ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবী

জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰা তথা ইয়াক কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৰূপত পুনৰ গঠন কৰাৰ দিশত অগভাগ লোৱা শ্বাহে কয়, ‘মই এই বিধেয়কৰ গুৰি ধৰিছোঁ। মই এই বিধেয়ক আনিছোঁ। মই ইয়াৰ আঁৰৰ উদ্দেশ্যৰ বিষয়ে স্পষ্ট কৰি দিছোঁ। এই কথা ক’তো লিখা নাই যে, জম্মু-কাশ্মীৰে ৰাজ্যৰ মৰ্যাদা ঘূৰাই নাপাব। আপোনালোকে ক’ৰ পৰা এই সিদ্ধান্তত উপনীত হৈছে? অনুগ্ৰহ কৰি ভুৱা নেৰেটিভ প্ৰচাৰৰ পৰা বিৰত থাকক। আগেয়ে কোনো কেন্দ্ৰীয়শাসিত প্ৰদেশে ৰাজ্যৰ মৰ্যাদা নোপোৱাকৈ আছে নেকি? আগেয়ে কোনো সীমান্তৱৰ্তী প্ৰদেশক ৰাজ্যৰ মৰ্যাদা দিয়া হোৱা নাই নেকি? তেন্তে জম্মু-কাশ্মীৰ কিদৰে পৃথক?’ তেওঁ প্ৰশ্ন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?