--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গৰমে দহিব দেশক৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত আগজাননী প্ৰদান কৰে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে কৈছিল যে দিল্লী, উত্তৰ-পশ্চিম ভাৰত আৰু মধ্যপ্ৰদেশত ৯ এপ্ৰিললৈকে উৎকট গৰম হোৱাৰ সম্ভাৱনা আছে। বতৰ বিভাগে পৰৱৰ্তী পাঁচদিনৰ বাবে উত্তৰ-পশ্চিম ভাৰতত গৰম বতৰৰ পৰিস্থিতিৰ বিষয়ে সম্ভৱনা জাৰি কৰিছে। আইএমডিয়ে কয়, 'অহা পাঁচদিনৰ ভিতৰত উত্তৰ-পশ্চিম ভাৰত আৰু মধ্যপ্ৰদেশৰ বেছিভাগ অঞ্চলত হিটৱেভৰ অব্যাহত থকাৰ সম্ভাৱনা আছে।'

আইএমডি বুলেটিন অনুসৰি, দক্ষিণ হাৰিয়ানা-দিল্লীৰ ওপৰত পৃথক পকেটবোৰেও পৰৱৰ্তী ৫দিনত উষ্ম বতৰৰ পৰিস্থিতি অনুভৱ কৰিব বুলি আশা কৰা হৈছে। মধ্যপ্ৰদেশ, জম্মু-কাশ্মী আৰু হিমাচল প্ৰদেশতো পৰৱৰ্তী ৫দিনত গৰম বতৰৰ আশংকা কৰা হৈছে। ৬ এপ্ৰিলত উত্তৰ-মধ্য মহাৰাষ্ট্ৰ, ছট্টিশগড়, ঝাৰখণ্ড আৰু বিহাৰত হিটৱেভৰ পৰিস্থিতি অব্যাহত থাকিব যদিও ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলত সৰ্বাধিক তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, অহা ৫দিনত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আইএমডিৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতৰ কাষৰীয়া অঞ্চলসমূহত এপ্ৰিলত অধিক গৰমৰ সম্ভাৱনাই দেখা দিছে। দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰী স্পৰ্শ কৰিব আৰু শনিবাৰৰ ভিতৰত ৪৩ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হ'ব বুলিও অনুমান কৰা হৈছে।

লক্ষণীয়ভাৱে, এই বৰ্ষটোৰ মাৰ্চমাহ আছিল ১২২ বছৰত ভাৰতৰ আটাইতকৈ উষ্ণ মাহ। পৰৱৰ্তী পাঁচদিনত পশ্চিম ৰাজস্থানত আৰু অধিক উষ্ণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশ আৰু পূব ৰাজস্থানত পৰৱৰ্তী পাঁচদিনত তীব্ৰ হিটৱেভ পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হ'ব পাৰে।

অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ আৰু ছিকিমৰ কিছুমান অঞ্চলত ৬ এপ্ৰিলত ধাৰাসাৰ বৰষুণ হ'ব পাৰে। আইএমডিয়ে পৰৱৰ্তী ৫দিনত কেৰালা, তামিলনাডু, পুডুচেৰী, কৰাইকাল আৰু উপকূলীয় আৰু দক্ষিণ আভ্যন্তৰীণ কৰ্ণাটকত পাতলীয়া বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল। উত্তৰ আভ্যন্তৰীণ কৰ্ণাটক আৰু উপকূলীয় অন্ধ্ৰপ্ৰদেশত ৬ এপ্ৰিলত বৰষুণৰ ব্যক্ত কৰিছিল।

এক ঘূৰ্ণীবতাহ দক্ষিণ আন্দামান সাগৰ আৰু চুবুৰীয়াৰ ওপৰত অৱস্থিত আৰু মধ্য-ট্ৰপোস্ফেৰিক স্তৰলৈকে বিস্তৃত। ইয়াৰ প্ৰভাৱত পৰৱৰ্তী ৪৮ ঘণ্টাত দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত নিম্ন চাপৰ এলেকা সৃষ্টি হোৱাৰো সম্ভাৱনা আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?